অসম

assam

ETV Bharat / state

Guwahati Railway Police: জব্দ কৰা গাঞ্জা বিক্ৰী কৰি ৰিজাৰ্ভ ক্ল’জ হ’ল ৰে’ল আৰক্ষীৰ সাত জোৱানৰ - Kamakhya Railway Station

কামাখ্যা ৰে’লৱে ষ্টেচনত জব্দ কৰা গাঞ্জা খোদ ৰে’লৱে আৰক্ষীয়েই অন্য লোকক বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ পাছতেই শাস্তিৰ সন্মুখীন হ’ল 7 জন গুৱাহাটী ৰে’লৱে আৰক্ষীৰ জোৱান(GRP person reserve closed) ৷

Guwahati Railway Police
জব্দ কৰা গাঞ্জা বিক্ৰী কৰি ৰিজাৰ্ভ ক্ল’জ হ’ল ৰেল আৰক্ষীৰ সাত জোৱানৰ

By

Published : Jul 23, 2022, 7:34 PM IST

গুৱাহাটী, ২৩ জুলাই: গুৱাহাটী ৰে’লৱে আৰক্ষীৰ সাত জোৱানক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (GRP person reserve closed)। জব্দ কৰা গাঞ্জা বিক্ৰী আৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত জোৱানকেইজনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে । ৰে’লৱে আৰক্ষীৰ জোৱান কেইজনক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে এজন গৃহৰক্ষী জোৱানক আটক কৰা হৈছে (Guwahati railway home guard detained for selling Ganja)৷

জব্দকৃত গাঞ্জা বিক্ৰী কৰাৰ অপৰাধত আটক কৰা গৃহৰক্ষী জোৱানজন হ’ল পূৰ্ণ দাস ৷ আনহাতে বলেন বৰ্মন, অমল কলিতা, প্ৰণৱ বাসুমতাৰী, সত্য দাস, শৈলেন কাকতি, কুলদ্বীপ ডেকা আৰু ইছমাইল আলিক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ।

উল্লেখ্য যে, 2 জুলাইত কামাখ্যা ৰে’ল ষ্টেচনত(Kamakhya Railway Station) এখন ৰে’লৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized at Kamakhya railway station)। পৰৱৰ্তী সময়ত জব্দকৃত গাঞ্জাখিনি বিক্ৰী কৰিছিল বকোৰ এজন লোকক । এই ঘটনা পোহৰলৈ অহাৰ পাছতে উক্ত দিনটোত কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনক আটক কৰাৰ লগতে আন সাতজন ৰে’লৱে আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ৷

উল্লেখ্য যে, বিভিন্ন সময়ত ৰে’ল আৰক্ষীৰ বিৰুদ্ধে এনে ধৰণৰ ঘটনা সংঘটিত কৰা অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক:ED Arrested Partha chatterjee: গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেৰ্টাজী

ABOUT THE AUTHOR

...view details