গুৱাহাটী,১৬ জুন:অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ৰাজ্যখনত ‘এনকাউণ্টাৰ'ৰ নামত অভিযুক্তক বিনা বিচাৰে হত্যা কৰাৰ ঘটনা আৰু সদ্যপ্রকাশিত পি পি ই কিট কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী জনাইছে চি পি আই এমে । গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই দাবী উত্থাপন কৰে ।
তালুকদাৰে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যখনত 'এনকাউণ্টাৰ'ৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Number of encounters in Assam has increased alarmingly) । সন্দেহ কৰাৰ থল আছে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতে এই অবৈধ, অসাংবিধানিক আৰু মানৱ অধিকাৰ হৰণকাৰী হত্যাকাণ্ডবোৰ সংঘটিত হৈছে ।
শেহতীয়াভাৱে বটদ্ৰৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুজনকৈ লোকক পুলিচবাহিনীৰ দ্বাৰা হত্যা কৰা আৰু বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাতো গভীৰ উদ্বেগ প্ৰকাশ কৰা হয় । বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ৰাজনীতি বিয়পাই দিছে তাৰে অংশ হিচাপেই মুছলমান লোকক 'এনকাউণ্টাৰ'ৰ বিশেষ লক্ষ্য কৰি লোৱা হৈছে । তেওঁ কয় যে অলপতে 'দি ৱায়াৰ' আৰু 'দি ক্ৰছকাৰেণ্ট' নামৰ সংবাদ প্রতিষ্ঠান দুটাই ক'ভিডৰ সময়ত পি পি ই কিট যোগানৰ নামত হোৱা কেলেংকাৰী তথ্যসহ দাঙি ধৰিছে ।