গুৱাহাটী, ৯ আগষ্ট: ৰাজ্যত অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Anti corruption branch raid in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষপে গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী ৷
ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিগত ১০ দিনত ৭ জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে (7 officers caught in anti corruption branch in 10 days) । ইয়াৰে ভিতৰত ৩ জন চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (Special DGP GP Singh)৷ ইয়াৰ ভিতৰত ১৩ গৰাকী চৰকাৰী বিষয়া আছে । ইপিনে চলিত বৰ্ষত ২১ জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ।
শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ গুৰু প্ৰসাদ খাটনিয়াৰে ৫০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ এজন ঠিকাদাৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত ৩২ লাখ টকাৰ মাটি পেলোৱা কাম কৰিছিল ৷ পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰে বিনা কাৰণত দীৰ্ঘদিন ধৰি ঠিকাদাৰজনৰ বিল আৱদ্ধ কৰি ৰাখে ৷