গুৱাহাটী, ২৯ জুনঃমহানগৰীত পুনৰ কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰক্ষী জোৱানৰ দেহত । সোমবাৰৰ দিনটোত ৭ গৰাকী আৰক্ষী জোৱান কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
সোমবাৰে গুৱাহাটীৰ ৭জনকৈ আৰক্ষী জোৱান আক্ৰান্ত COVID-19ত - আৰক্ষী জোৱান আক্ৰান্ত COVID-19ত
সোমবাৰে মহানগৰীৰ ৭ গৰাকীকৈ আৰক্ষী জোৱানৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ।
প্ৰাপ্ত তথ্য অনুসৰি, আক্ৰান্ত আৰক্ষী জোৱান কেইগৰাকী ক্ৰমে জালুকবাৰী যানবাহন আৰক্ষী চকী, ভৰলুমুখ আৰক্ষী চকী, পল্টনবজাৰ আৰু বিৰুবাৰী আৰক্ষী চকীৰ । আৰক্ষী কেইগৰাকী পল্টনবজাৰ আৰক্ষী চকীৰ অতিৰিক্ত উপ আৰক্ষী পৰিদৰ্শক গুঞ্জনন্দ টাইড, বিৰুবাৰী আৰক্ষী চকীৰ উপ পৰিদৰ্শক জগদীশ কলিতা, তেওঁৰ গাড়ীচালক আৰু দেহৰক্ষীৰ লগতে, ভৰলুমুখ আৰক্ষী চকীৰ উপ পৰিদৰ্শক ভৰত পেগু, কনিষ্টবল লক্ষ্মীনন্দন বড়ো, জালুকবাৰী যানবাহন শাখাৰ ৰবিউল আহমেদ বুলি জানিব পৰা গৈছে । ইতিমধ্যে আটাইকেইগৰাকী আৰক্ষীৰ লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।