গুৱাহাটী, 22 ছেপ্টেম্বৰ : চীনৰ হাংঝৌ চহৰত শনিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়ান গেমছত এইবাৰ অসমৰ ৭ গৰাকী খৈলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ অসমৰ বাবে গৌৰৱৰ কথা যে এইবাৰ এছিয়ান গেমছত লাভলীনাই দেশক নেতৃত্ব দিয়াৰ সৌভাগ্যও লাভ কৰিছে ৷ শনিবাৰে এছিয়ান গেমছৰ মাৰ্চ পাষ্টত হাতত ত্ৰিৰংগা লৈ লাভলীনাই নেতৃত্ব দিব ভাৰতক ৷
এইবাৰ দেশৰ ৬৫৫ জনীয়া দলত সুযোগ পাইছে অসমৰ ৭ গৰাকী খেলুৱৈয়ে ৷ শিৱ থাপা, অস্মিতা চলিহাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ৷ অন্য ৫ গৰাকী হ’ল লাভলীনা বৰগোহাঁই (বক্সিং), অম্লান বৰগোহাঁই (এথলেটিকছ), জাহ্নৱী শৰ্মা (সাঁতোৰ), উমা চেত্রী (ক্রিকেট), প্রিয়া দেৱী (চেপাক টাক্ৰো) ৷
উল্লেখ্য যে বিগত বৰ্ষত জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ ৫৭৭ জনীয়া দলত স্থান লাভ কৰিছিল অসমৰ ৬ গৰাকী খেলুৱৈয়ে ৷ হিমা দাস (এথলেটিকছ), শিৱ থাপা (বক্সিং), ৰ'দালি বৰুৱা (টাইকোৱানডো), প্রমীলা ভৰালী (আৰ্চাৰী), অস্মিতা চলিহা (বেডমিণ্টন) আৰু কবিতা দেৱী (ফেন্সিং) ৷ এই ৬ গৰাকীৰ ভিতৰত একমাত্র সফল আছিল হিমা দাস ৷ উল্লেখ্য যে এছিয়ান গেমছৰ ৭২ বছৰীয়া ইতিহাসত অসমৰ সাফল্য বৰ বেদনাদায়ক ৷ মুঠ ১৮ খন গেমছৰ ভিতৰত মাত্র দুবাৰেই সাফল্যৰ মুখ দেখিছে অসমৰ খেলুৱৈয়ে ৷