গুৱাহাটী, ৭ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ জোলাঙৰ কোৰো হাপ্পা নদীদ্বীপৰ নৈসৰ্গিক পৰিৱেশত অহা ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্যা আৰ্টিছানছ মুভমেন্টৰ ষষ্ঠ সংখ্যক সংস্কৰণ । এই কথা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ মুখ্য কাৰ্যবাহী বিষয়া য়ানা নগোবা চাকপুৱে ৷
অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে কাম কৰি অহা পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থা ওৱান অৰুণাচলৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান ৷ এই ফেশ্বন উৎসৱৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে বুলি আশা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী বিষয়া য়ানা নগোবা চাকপুৱে ৷