অসম

assam

ETV Bharat / state

Asam Sahitya Sabha Executive : শিৱসাগৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা - Executive of Asam Sahitya Sabha at Sivsagar

কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা (6th Executive of Asam Sahitya Sabha)।কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আৰম্ভ হ'ল পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া ।

ASS
শিৱসাগৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা

By

Published : Jul 24, 2022, 6:50 PM IST

Updated : Jul 25, 2022, 6:38 AM IST

শিৱসাগৰ,২৪ জুলাই :শিৱসাগৰত দেওবাৰে সম্পন্ন হ'ল অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক (Executive of Asam Sahitya Sabha at Sivsagar)। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ পৰাই আৰম্ভ হ'ল পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া । প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা হয় নিৰ্বাচনী সমিতি।

উল্লেখ্য যে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰত অনুষ্ঠিত হোৱা নাছিল সভাৰ বাৰ্ষিক অধিৱেশন । ২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব নাৰায়ণপুৰত । উক্ত অধিৱেশন সফল কৰি তোলাৰ বাবে কেইবাটাও সিদ্ধান্ত লোৱা হয় এই বৈঠকত । অহা নৱেম্বৰ মাহৰ শেষৰ ফালে সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত ঘোষণা কৰা হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম ।

শিৱসাগৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা

আনহাতে, একাংশ সদস্যই উত্থাপন কৰে সভাৰ বিত্তীয় কেলেংকাৰীৰ প্ৰসংগ । যিহেতু ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্যালয়ৰ মেৰামতিৰ নামত ভুৱা একাউন্ট খুলিছিল একাংশই । এই সন্দৰ্ভত সভাপতিয়ে অভিযোগ আৰু তথ্যসমূহ আঞ্চলিকৰ সম্পাদকক জমা দিবলৈ নিৰ্দেশ দিয়ে ।

সভাৰ বহিষ্কৃত প্ৰাক্তন প্ৰধান সম্পাদক ড৹ জগদীশ পাটগিৰিৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কেও সৰৱ হৈ পৰে একাংশ প্ৰতিনিধি । ৪৫ লাখ টকীয়া বিত্তীয় কেলেংকাৰীত জড়িত পাটগিৰি এইবাৰ সভাপতি পদৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চা চলাত ক্ষোভিত হৈ পৰে সদস্যসকল ।

ইফালে কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । তাৰ ভিতৰত অসমৰ ন্যায়ালয়সমূহৰ ৰায়দান অসমীয়া ভাষাত প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ উচ্চ ন্যায়ালয় আৰু চৰকাৰৰ লগত যোগাযোগৰ বাবে কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় প্ৰস্তাৱ ।

লগতে পঢ়ক :বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ কৰিমুদ্দিন বৰভূঞা: দেবব্ৰত শইকীয়া

Last Updated : Jul 25, 2022, 6:38 AM IST

ABOUT THE AUTHOR

...view details