অসম

assam

By

Published : Feb 18, 2023, 11:27 AM IST

ETV Bharat / state

State Cancer Institute:প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট ৰোগ চিনাক্তকৰণত বিশেষ গুৰুত্ব স্বাস্থ্য মন্ত্ৰীৰ

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshav Mahanta at State Cancer Institute)। কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত বিশেষজ্ঞৰ উপলব্ধতা সুনিশ্চিত কৰাত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ । বৰ্ষপূৰ্তিৰ বিশেষ বক্তৃতা আগবঢ়ালে মুম্বাইৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ বিক্ৰম আৰ লেলেই ।

6th anniversary of State Cancer Institute in Guwahati
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে অসমতে বিশ্বমানৰ আন্তঃগাঁথনিৰে অত্যাধুনিক চিকিৎসা সেৱা সুলভ কৰিবলৈ প্ৰচেষ্টা চলাইছে ৰাজ্য চৰকাৰে । ইয়াৰ অংশ ৰূপে বিভিন্ন জিলাত অত্যাধুনিক কৰ্কট চিকিৎসালয় স্থাপন কৰিছে । ইয়াৰ সমান্তৰালকৈ আগন্তুক দিনত কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত বিশেষজ্ঞকে ধৰি প্ৰয়োজনীয় মানৱ সম্পদৰ উপলব্ধতা সুনিশ্চিত কৰাৰ দিশতো ৰাজ্য চৰকাৰখনে বিশেষ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে । গুৱাহাটীত শুক্ৰবাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই কথা সদৰি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (6th anniversary of State Cancer Institute in Guwahati)।

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

মহানগৰীৰ নেডফি হাউছত আয়োজন কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে আগন্তুক দিনত অসমৰ কৰ্কট ৰোগী সকলে যাতে চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বিশেষ প্ৰয়োজন নহয়,সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা আৰু কাৰ্যপৰিকল্পনাৰ আধাৰত অসম চৰকাৰে আন্তৰিক প্ৰয়াস চলাইছে (NEDFI House in Assam)। ইতিপূৰ্বে স্বাস্থ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহৰ সময়ত ড০ শৰ্মাই এইক্ষেত্ৰত লোৱা ভৱিষ্যদৰ্শী পদক্ষেপৰ অংশ হিচাপে ২০১৭ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনত ২০০খন বিচনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ শুভাৰম্ভ হৈছিল (Gauhati Medical College Hospital)। এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনক অতি অত্যাধুনিক তথা বিশ্বমানৰ চিকিৎসা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে । দ্বিতীয় পৰ্যায়ৰ সম্প্ৰসাৰণৰ কাম অহা ছমাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিষ্ঠানটো ৩৫০ বিছনাযুক্ত কৰ্কট চিকিৎসালয়লৈ উন্নীত হ'ব বুলি তেওঁ কয় ।

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

আগন্তুক দিনত এই প্ৰতিষ্ঠানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগ চিকিৎসা আৰু গৱেষণাৰ প্ৰাণকেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা লাভৰ উপৰি দেশৰ অন্যতম অগ্ৰণী কৰ্কট চিকিৎসানুষ্ঠান হিচাপেও স্বীকৃতি পাবলৈ সক্ষম হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয় কয় । তেওঁ লগতে কয় যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ উপৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সহযোগিতাত গঠিত আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত ৰাজ্যৰ বিভিন্ন স্থানত বৰ্তমান সাতখন অত্যাধুনিক কৰ্কট চিকিৎসালয়ে ৰোগীলৈ সেৱা আগবঢ়াই আছে ।

একেদৰে শিলচৰ আৰু ডিফুত নিৰ্মীয়মান কৰ্কট চিকিৎসালয় দুখন অহা ডেৰ বছৰৰ ভিতৰত আৰু ইতিমধ্যে আধাৰশিলা কৰা সাতখন নতুন কৰ্কট চিকিৎসালয়ৰো আগন্তুক দুই-তিনি বছৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে । শেহতীয়া প্ৰযুক্তিৰ অত্যাধুনিক চিকিৎসা, যন্ত্ৰ-পাতিৰ লগতে বিশ্বমানৰ আন্তঃগাঁথনিৰ এই ১৭খন কৰ্কট চিকিৎসালয়ৰ আটাইকেইখন সম্পূৰ্ণ হৈ উঠিলে প্ৰয়োজন হ'ব লগা কৰ্কট ৰোগৰ চিকিৎসা বিশেষজ্ঞ, নাৰ্ছ তথা বিশেষ কাৰিকৰী দক্ষতা সম্পন্ন স্বাস্থ্যকৰ্মীৰ জোৰা মাৰিব পৰাকৈ পৰ্যাপ্ত মানৱ সম্পদ গঢ়াত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বিশেষ ভূমিকা ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত হ'লে কৰ্কট ৰোগীৰ চিকিৎসা যথেষ্ট ফলপ্ৰসূ হয় বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কৰ্কট ৰোগীক প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্তকৰণ সম্ভৱ কৰাৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিশেষ বাৰ্ষিক বক্তৃতা আগবঢ়ায় মুম্বাইস্থিত যশলোক হাস্পতাল তথা ৰিচাৰ্ছ চেণ্টাৰৰ নিউক্লিয়েৰ মেডিচিন আৰু পেট চিটি বিভাগৰ সঞ্চালক ডাঃ বিক্ৰম আৰ লেলেই (Yashlok Hospital and Research Centre in Mumbai)।

দেশৰ আগশাৰীৰ কৰ্কট ৰোগ তথা নিউক্লিয়াৰ মেডিচিন বিশেষজ্ঞ ডাঃ লেলেই 'নিউক্লিয়েৰ মেডিচিনৰ সহায়ত সকলোৰে বাবে সুস্বাস্থ্য' বিষয়ক তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে‌ । এই অনুষ্ঠানটোত ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য, ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাষ চন্দ্ৰ গোস্বামী আৰু অধীক্ষক ডাঃ দেৱজিত চৌধুৰী উপস্থিত থাকে (Dr Bhubaneswar Baruah Cancer Institute)।

লগতে পঢ়ক:Maha Shivaratri at Shivadoul: শিৱসাগৰৰ মহাশিৱৰাত্ৰি পূজা উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details