অসম

assam

ETV Bharat / state

66 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি - 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহ

বুধবাৰে সামৰণি পৰিল 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ সামৰণি অনুষ্ঠানত বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বন বিষয়া,কৰ্মীসকলক বঁটা প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

66th Wildlife Week has ended
66 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি

By

Published : Oct 7, 2020, 10:46 PM IST

গুৱাহাটী,7 অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহ অনুষ্ঠানৰ বুধবাৰে সফল সামৰণি পৰে ৷ বন্যপ্ৰাণী সপ্তাহৰ এই সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বন বিষয়া,কৰ্মীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে । লগতে,গঁড় তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তত সজাগতা গঢ়ি তোলা কিশোৰ সুহান মল্লিককো সম্বৰ্ধনা জ্ঞাপন কৰে ৷

এই সামৰণি অনুষ্ঠানতে বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বিদ্যালয় পৰ্যায়ত আয়োজিত অনলাইন প্ৰতিযোগিতাসমূহৰ বিজয়ী প্ৰতিযোগীসকলকো বঁটা প্ৰদান কৰে আৰু হাড়গিলা আৰ্মী গঠনেৰে দুষ্প্ৰাপ্য পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা গ্ৰীণ অ’স্কাৰ বিজয়ী শ্ৰীমতী পূৰ্ণিমা দেৱী বৰ্মনক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ শ্ৰী পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক মুখ্যমন্ত্ৰীয়ে ‘জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰে । অনুষ্ঠানটোত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে,‘‘বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত সৌৰ চাকি আৰু স্মাৰ্টফোন বিতৰণ কৰা হৈছে । ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ কেম্পতো সৌৰ চাকি আৰু স্মাৰ্টফোন প্ৰদান কৰা হ’ব । আগন্তুক দিনত ৰাইজৰ সহযোগত অসমৰ 2,000 বৰ্গ কিঃমিঃ বনাঞ্চল বৃদ্ধি কৰাৰ আমি লক্ষ্য নিৰ্ধাৰণ কৰিছো’’ ৷

সমান্তৰালভাৱে বৰাইল সংৰক্ষিত বনাঞ্চলক অধিক শক্তিশালী কৰাৰ বাবে তাত এটা ফ’ৰেষ্ট ডিভিজন স্থাপন কৰা হ’ব বুলিও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,চাহ জনগোষ্ঠী কল্যাণ আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ,মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,বিধায়িকা আঙুৰলতা ডেকা আৰু বহু উচ্চপদস্থ বিষয়া ৷

লগতে পঢ়ক:প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া

ABOUT THE AUTHOR

...view details