অসম

assam

ETV Bharat / state

Pulling train chain: ৰে'লৰ চেইন টনাৰ অপৰাধত ১৮ মাহত ৬৩৯ জন লোকক গ্ৰেপ্তাৰ - এলার্ম চেইন

চেইন টনা আৰু চলন্ত ৰে’ললৈ শিল নিক্ষেপৰ ঘটনা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বাবে বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। ২০২২ৰ পৰা চলিত বৰ্ষৰ জুন পর্যন্ত চেইন টনাৰ ১,৪৬৪ টা ঘটনাত ১.৫২ লাখ টকাৰ জৰিমনা সংগ্রহ। ৰে’ল সেৱাৰ অভাৱনীয় বিলম্ব আৰু সময় মতে ৰে'ল গন্তব্যস্থান নোপোৱাৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে এলার্ম চেইন।

639-people-arrested-in-18-months-for-pulling-train-chains
ৰে'লৰ চেইন টনাৰ অপৰাধত ১৮ মাহত ৬৩৯ জন লোকক গ্ৰেপ্তাৰ

By

Published : Jul 2, 2023, 10:38 PM IST

গুৱাহাটী, ২ জুলাই:ৰে'ল যাত্রা অধিক আৰামদায়ক কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও একাংশ লোকৰ দুষ্কাৰ্যৰ বাবে ৰে'লৱে বিভাগে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ জধে-মধে ৰে'লৰ এলাৰ্ম চেইন টনা আৰু চলন্ত ৰেললৈ শিল নিক্ষেপৰ ক্রমবর্ধমান ঘটনা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বাবে সম্প্রতি এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

শুনিলে হয়তো আচৰিত যেন লাগিব যে জধে-মধে ৰে'লৰ এলাৰ্ম চেইন টনাৰ বাবে শেহতীয়াকৈ উত্তৰ-পূবৰ বহু ৰে'লৰ যাত্ৰাৰ সময় পর্যন্ত বিলম্ব হৈ পৰিছে ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেই প্ৰকাশ কৰা মতে ২০২২ বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুঠ ১৪৬৪টা এলার্ম চেইন টনাৰ ঘটনা সংঘটিত হৈছিল।

আনহাতে চলিত বৰ্ষৰ ২৪ জুনলৈকে এনে ঘটনা ৬৬১টা এনে সংঘটিত হৈছে। এই ঘটনা সম্পৰ্কত এতিয়ালৈকে ৬৩৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১.৫২ লাখৰো অধিক জৰিমনা সংগ্ৰহ কৰা হৈছে। সম্প্রতি ৰে’ল সেৱাৰ অভাৱনীয় বিলম্ব আৰু সময় মতে ৰে'ল গন্তব্যস্থান নোপোৱাৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে এলার্ম চেইন।

ৰে'লৱেৰ ফালৰ পৰা সেয়েহে এতিয়া এই সম্পৰ্কত সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কঠোৰ আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। আনহাতে চলন্ত ৰে'ললৈ শিলগুটি নিক্ষেপৰ ক্রমবর্ধমান ঘটনাও ৰে'ল কৰ্তৃপক্ষৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে। ২০২২ চনৰ গোটেই বৰ্ষটোত ৩৮ টা শিল নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এই বছৰ ২৪ জুনলৈকে ৩৭ টাকৈ এনে ঘটনা সংঘটিত হৈছে ।

সেয়েহে সঘনাই শিল নিক্ষেপৰ ঘটনা সংঘটিত হৈ থকা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনৰ বহু অঞ্চলত এতিয়া আৰ পি এফ মোতায়েন কৰা হৈছে আৰু চলিত বৰ্ষত ৰে'ললৈ শিল নিক্ষেপ কৰা ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই জানিবলৈ দিয়া মতে শিলগুটি নিক্ষেপ আৰু এলার্ম চেইন টনাৰ বিৰুদ্ধে বিশেষ সজাগতা অভিযান চলাবলৈ ৰে'ল কর্তৃপক্ষ বাধ্য হৈছে।

ৰে'লপথ আৰু ষ্টেছনৰ কাষৰীয়া অঞ্চল, গাঁও, বিদ্যালয় আৰু ষ্টেশ্যনৰ যাত্ৰী সামৰি এই সজাগতা অভিযান বৰ্তমান চলাই থকা হৈছে। লক্ষণীয় বিষয় যে জনসাধাৰণ সজাগ-সচেতন নহ'লে এনে ঘটনা ৰোধ কৰাটো সহজ নহয়।

লগতে পঢ়ক:Dighalipikhuri controversy: ‘এণ্টাৰ্টিকা দীঘলীপুখুৰী’ নামেৰে নামকৰণ দীঘলীপুখুৰীৰ

ABOUT THE AUTHOR

...view details