গুৱাহাটী , ২৩ মাৰ্চ : পখিলা খেদি ফুৰা বয়সতে কঠোৰ বাস্তৱৰ সন্মুখীন এটি কণমানি । দেহত জটিল ৰোগ লৈ সম্প্ৰতি হুইল চেয়াৰত মৃত্যুৰ সৈতে যুঁজিছে শিশুটিয়ে । দুৰ্ভগীয়া শিশুটিৰ নাম হৃষীকেশ কলিতা ।
জটিল ৰোগত আক্ৰান্ত পাঠশালাৰ এটি কণমানি - জটিল ৰোগত আক্ৰান্ত
পখিলা খেদা বয়সতে জীৱন-মৃত্যুৰ যুঁজৰ দুৰ্বিসহ যন্ত্ৰণাত ছটফটাইছে এটি কণমানিয়ে ৷ কণমানিটিৰ ওঠত হাঁহি বিৰিঙাবৰ বাবে কানাড়া বেংকৰ ১৭৫৬১০১০০৯৭৩৭ একাউন্ট নম্বৰৰ জৰিয়তে সহায়ৰ আহ্বান পৰিয়ালৰ ৷
বজালী মহকুমাৰ অন্তৰ্ভুক্ত নিত্যানন্দৰ কেওতপাৰা গাঁৱৰ নিবাসী অনুপম কলিতাৰ পুত্ৰ হৃষীকেশ কলিতা । এই কণমাণিটি এতিয়া আক্ৰান্ত জটিল ৰোগত । কিন্তু শিশুটিকসুস্থ কৰি তুলিবলৈ লাগে বৃহৎ পৰিমাণৰ ধনন । যাৰ বাবে দিশহাৰা হৈ পৰিছে ঘৰে ঘৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটো । সেয়ে নিজৰ পুত্ৰৰ প্ৰাণ বচাবলৈ সামৰ্থ নথকা দুৰ্ভগীয়া পৰিয়ালটোৱে চৰাকাৰ আৰু ৰাইজলৈ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনায় ।তেনে সময়তে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ উপ-সভাপতি শ্বান কাশ্যপে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা যথাযথ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।
কোনো সদাশয় লোকে এই পৰিয়ালটোক সহায় কৰিব বিচাৰিলেকানাড়া বেংকৰ ১৭৫৬১০১০০৯৭৩৭ একাউন্ট নম্বৰত সাহায্য আগবঢ়াব পাৰে । অথবা ৭০৮৬৭৮২৭৫১ নম্বৰত যোগাযোগ কৰিব পাৰে । আপোনাৰ অলপ সহায়ে এই পৰিয়ালটোৰ মুখত বিৰিঙাব সুখৰ হাঁহি ৷