অসম

assam

ETV Bharat / state

নুনমাটি আৰক্ষীৰ জালত ৬ জনীয়া চুৰি চক্ৰ - নুনমাটি

নুনমাটি আৰক্ষীৰ জালত বিদ্যুতৰ খুঁটা চুৰি চক্ৰ । বিদ্যুৎ বিভাগৰ কৰ্মীৰ সহযোগত আৰক্ষীয়ে নুনমাটি চেক্তৰ 3 অঞ্চলৰ পৰা আটক কৰে ৬ টাকৈ চোৰ । জব্দ কৰে চুৰি কাৰ্যত ব্যৱহৃত এখন চাৰিচকীয়া বাহন ।

6 thieves arrested by noonmati police
নুনমাটি আৰক্ষীৰ জালত ৬ জনীয়া চুৰি চক্ৰ

By

Published : Sep 9, 2021, 8:39 PM IST

গুৱাহাটী, ৮ ছেপ্টেম্বৰ :মহানগৰীত দীৰ্ঘদিন দিন বিদ্যুতৰ খুঁটা চুৰি কৰি অহা এটা বৃহৎ চুৰি চক্ৰ আৰক্ষী জালত পৰিছে । বিদ্যুতৰ খুঁটা চুৰি কৰাৰ অপৰাধত নুনমাটি চেক্টৰ-3 ৰ পৰা ৬ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা ধৃত চোৰ কেইটা হৈছে আব্দুল গণি, জিয়াৰুল আলি, আফজল হুছেইন, কামৰু জামান, ছৰীফ আলি, আৰু মিয়া হুছেইন ।

জানিব পৰা মতে, নুনমাটিৰ চেক্টৰ-3 ত অসম ৰাজ্যিক পৰিষদৰ ঠিকাদাৰ কিশোৰ বৰাই বিদ্যুতৰ খুঁটা স্থাপনৰ কাম কৰি আছিল । বুধবাৰে পুৱতি নিশা ছয় জনীয়া চোৰৰ দলটোৱে নুনমাটি চেক্টৰ 3 ত পৰি থকা ৩ টা বিদ্যুতৰ খুঁটা এখন বাহনত উঠাই চুৰিৰ চেষ্টা চলায় । তেনেসময়ত ঘটনাটো প্ৰত্যক্ষ কৰে বিদ্যুৎ বিভাগৰ খুঁটা স্থাপন কৰাৰ কামত নিয়োগ কৰা একাংশ কৰ্মচাৰী আৰু এজন অভিযন্তাই ।

নুনমাটি আৰক্ষীৰ জালত ৬ জনীয়া চুৰি চক্ৰ

লগতে পঢ়ক :নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰত !

তেওঁলোকে পলাবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজৰ সহযোগত চোৰ কেইটাক কৰায়ত্ব কৰে বিদ্যুৎ বিভাগৰ লোককেইজনে । পিছত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰ কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ধৃত চোৰকেইটাই দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগ তথা আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ বিভিন্ন স্থানৰ পৰা বিদ্যুতৰ খুঁটা চুৰি কৰি পিছত এই খুঁটাসমূহ বিভিন্ন অঞ্চলত অধিক মূল্যত বিক্ৰী কৰি আহিছিল । কিছুদিন পূৰ্বে মহানগৰীৰ পাঞ্জাবাৰী, কলাক্ষেত্ৰ, গণেশগুৰি, ছয়মাইল আদি অঞ্চলৰ পৰাও চুৰি হোৱা বুলি জানিব পৰা গৈছে ।

অৱশ্যে এই চুৰি চক্ৰৰ লগত বিদ্যুৎ বিভাগৰো কোনো লোকে জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । বিদ্যুৎ বিভাগৰ পৰা জানিব পৰা মতে চুৰিৰ চেষ্টা চলোৱা এটা বিদ্যুতৰ খুঁটাৰ দাম প্ৰায় ৪৫-৫০ হেজাৰ টকা । ইফালে এই ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ তৰফৰ পৰা নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

ABOUT THE AUTHOR

...view details