গুৱাহাটী আৰু ৰহা, 20 মে’: ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সন্থা চমুকৈ NHAIয়ে নতুলকৈ স্থাপন কৰিব 6 খনকৈ টোলগেট । ইয়াকে লৈ সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসম সংগ্ৰামী মঞ্চ আৰু স্বৰাজ অসম । এই টোলগেটসমূহ নগাঁৱৰ মিটিৰাটি হাৱাদং দবকাত, বৰপেটা জিলাৰ ধালাপাৰাত, কোকৰাঝাৰৰ পাটগাঁৱত, সোণাপুৰৰ নাজিৰখাঁটত, কামৰূপৰ মদনপুৰত স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে ।
অসমত নতুনকৈ মুকলি হ‘ব ৬ খনকৈ টোলগেট - সৰৱ স্বৰাজ অসম
অসমত নতুন টোলগেট নিৰ্মাণক লৈ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম সংগ্ৰামী মঞ্চ আৰু স্বৰাজ অসম ৷ নগাঁৱৰ মিটিৰাটি হাৱাদং দবকাত, বৰপেটা জিলাৰ ধালাপাৰাত, কোকৰাঝাৰৰ পাটগাঁৱত, সোণাপুৰৰ নাজিৰখাঁটত, কামৰূপৰ মদনপুৰত এই টোলগেটসমূহ স্থাপন কৰা হ’ব বুলি সংগঠন তিনিটাই জানিবলৈ দিয়ে ৷

আনহাতে প্ৰায়ে সম্পূৰ্ণ হোৱাৰ দিশে নগাঁৱৰ ৰহাৰ টোলগেটখন। উল্লেখ্য যে, বিগত প্ৰায় 10 বছৰ ধৰি অসমত ফ'ৰলেন যুক্ত হাইৱে’ নিৰ্মাণ হৈ আছে যদিও যথেষ্ট লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলি থকা পৰিলক্ষিত হৈছে । ফ'ৰলাইন যুক্ত হাইৱে’ নিৰ্মাণ হৈছে যদিও পথৰ অৱস্থা নিৰ্মাণৰ কিছুদিনৰ পিছতেই শোচনীয় হোৱা দেখা গৈছে । এই সমগ্ৰ বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে স্বৰাজ অসমৰ আহ্বায়ক ভুৱন সন্দিকৈ, অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকন আৰু অসম সংগ্ৰামী মঞ্চৰ নেতা সমৰ বেজবৰুৱাই ।
লগতে পঢ়ক : 170লৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা