গুৱাহাটী, 3মাৰ্চ: গুৱাহাটী ৰে’ল ষ্টেচনত শনিবাৰে এক বৃহৎ পৰিমাণৰ সোণজব্দ হয় । ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ 2নং প্লেটফৰ্মৰ পৰা জব্দ কৰে 6টা সোণৰ বিস্কুট।
গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট - paltan bazar railway station
আটক 1 জন সোণ সৰবৰাহকাৰী
ৰেল ষ্টেচনত জব্দ সোণৰ বিস্কুত
এই সন্দৰ্ভত আৰক্ষীয়ে এচ কে আমজাদ আলি নামৰ এজন লোকক আটক কৰিছে । আটকাধীন লোক জন পশ্চিম বংগস্থিত হুগলী জিলাৰ ভত্তপুৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত শুল্ক বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ উপৰত তদন্ত আৰম্ভ কৰে ।