গুৱাহাটী,২২ ফেব্ৰুৱাৰী: প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত সোমবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অসমৰ ৰাইজৰ দুর্দশাৰ কথা ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ শাসন কালত হোৱা বিফলতা সন্দৰ্ভত 6টা প্রত্যক্ষ প্রশ্ন কৰে ৷ প্ৰশ্ন কেইটা হ'ল-
1. অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক আওকাণ কৰি কিয় "কা" আইন বলৱৎ কৰিবলৈ লৈছে ?
2. পূৰ্বৰ প্রতিশ্রুতি অনুসৰি 97% লােকক সংস্থাপন দিব কিয় নােৱাৰিলে ?
3. চুতীয়া,কোচ-ৰাজবংশী,মৰাণ,মটক,টাই-আহােম আৰু চাহ জনগােষ্ঠীকে ধৰি ছয় জনগােষ্ঠীক বিজেপিয়ে জনগােষ্ঠীকৰণ কৰাৰ প্রতিশ্রুতি দি কিয় পাহৰি গ'ল ?