অসম

assam

ETV Bharat / state

Assam Kavya Kanan: কলাক্ষেত্ৰত অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশন - Kavyam Award 2022

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত অসমৰ অগ্ৰণী সাহিত্যানুষ্ঠান 'অসম কাব্য কানন'ৰ অধিৱেশন । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন ৷

5th Annual Conference of Assam Kavya Kanan in Srimanta Sankardev Kalakshetra
কলাক্ষেত্ৰত অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশন

By

Published : Dec 18, 2022, 10:41 PM IST

কলাক্ষেত্ৰত অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশন

গুৱাহাটী,১৭ ডিচেম্বৰ: দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসমৰ অগ্ৰণী সাহিত্যানুষ্ঠান "অসম কাব্য কানন"ৰ পঞ্চম বাৰ্ষিক অধিৱেশন (5th Annual Conference of Assam Kavya Kanan) ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন (Srimanta Sankardev Kalakshetra) ৷

পুৱাৰ ভাগত বন্তি প্ৰজ্জ্বলন, শ্বহীদ তৰ্পনৰ পিছত ১০ বজাত কবিতাৰ মেল অনুষ্ঠিত হয় (Assam Kavya Kanan Annual Conference) । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি ৰীতা বৰুৱা, মিৰ্জা হুমায়ূন কবিৰ, ছেকেণ্ডাৰ আলি আহমেদ আৰু চন্দন ভাগৱতী । ইয়াৰ পিছতে অসম কাব্য কাননৰ প্ৰকাশন গোষ্ঠী কাব্যম প্ৰকাশৰ উদ্যোগত চাৰিখনকৈ গ্ৰন্থ উন্মোচন হয় । প্ৰদীপ চন্দ্ৰ শৰ্মাৰ উপন্যাস জংচন উন্মোচন কৰে বিশিষ্ট সাংবাদিক মানসজ্যোতি বৰুৱাই (Prominent journalist Manasjyoti Baruah) ।

লগতে পঢ়ক:Second anniversary of BTR Govt : বিটিআৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ স্বাস্থ্য বিষয়ক গ্ৰন্থ নিদানৰ ভুৰুকা উন্মোচন কৰে সাংবাদিক তথা গল্পকাৰ মনোৰঞ্জন বড়িয়ে । চন্দন ভাগৱতীৰ শিশু উপন্যাস সেউজী ধৰণী ধুনীয়া উন্মোচন কৰে মিহিৰ হাজৰিকাই । আনহাতে বাৰ্ষিক মুখপত্ৰ 'আমাৰ কাব্যকানন' উন্মোচন কৰে পবিত্ৰ কুমাৰ নাথে ।

কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ (All Assam Poets Conference) প্ৰাক্তন সভাপতি আনিছ উজ্ জামান, কবি, সমালোচক উদয় কুমাৰ শৰ্মা আৰু প্ৰদীপ চন্দ্ৰ শৰ্মা । অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে আঁত ধৰা সভাখনত কবি ৰাজীৱ বৰাক ২০২২ চনৰ 'কাব্যম বঁটা' প্ৰদান কৰা হয় (Kavyam Award 2022) । এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা ।

লগতে পঢ়ক:Weavers in Assam: তাঁতশালত জীৱন গঢ়াৰ সপোন ৰচিছে অসমৰ শিপিনীয়ে

ABOUT THE AUTHOR

...view details