গুৱাহাটী, ২৪ জুন: নতুন চৰকাৰখনৰ জলসম্পদ(water resource) মন্ত্ৰীৰ দায়িত্ব লৈয়ে পীযুষ হাজৰিকা(Piyush Hazarika)ই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি মথাউৰিৰ অৱস্থাৰ বুজ লৈছে ৷ কিন্তু এতিয়াও বিভাগটোৰ ৫৮ খন আঁচনিৰ কাম অসম্পূৰ্ণ হৈয়ে আছে । বাৰিষাৰ আগে আগে সেইবিলাকৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ কোনো সম্ভাৱনা নাই ।
বিভাগীয়ভাৱে প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান মথাউৰি মেৰামতিৰ যিবিলাক কাম চলি আছে সেই সকলোখিনি মাথোঁ ফ্লাড ড্ৰিল আৰু এম এন আৰ শিতানহে । স্বাভাৱিকতে এই দুয়োটা শিতানতে সৰু সৰু আঁচনিৰহে কাম কৰা হয় । পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে এছডিআৰএফ-ৰ ৫৮ খন আঁচনি গ্ৰহণ কৰিছিল । কিন্তু পূৰ্বৰ চৰকাৰ আঁতৰি দিছপুৰত নতুন চৰকাৰ বহিল যদিও এই ৫৮ খন আঁচনিৰ কোনোখনেই আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ।
এই ৫৮ খন আঁচনিৰ অধিকাংশৰে অনাদায় ধন এতিয়ালৈকে চৰকাৰে মোকলাই নিদিলে ৷ যাৰ বাবে এই কামসমূহ অসম্পূৰ্ণ হৈয়ে পৰি ৰ'ল । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল এছডিআৰএফ আৰু এছঅ'পিডি শিতানত ভগ্ন কিম্বা জহি-খহি যোৱা মথাউৰিবোৰ মেৰামতিৰ ক্ষেত্ৰত ।