নিউজ ডেস্ক, 15 অক্টোবৰ : অসমীয়া বৈষ্ণৱ ধৰ্মৰ সৃষ্টিকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ আজি আবিৰ্ভাৱ তিথি(Birth Anniversary) ৷ গুৰুজনাৰ 573 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ(Sankardev Janmotsav)ত গুৰুজনাৰ বন্দনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য ৷ প্ৰদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰিব শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ লগতে গুৰুজনাই স্থাপন কৰা বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, মাজুলীৰ সত্ৰসমূহ ৷
প্ৰতিবছৰে সত্ৰ, নামঘৰৰ উপৰিও বিভিন্নজনে ব্যক্তিগতভাৱেও মাহ-প্ৰসাদ বিতৰণ কৰি আনন্দ-উল্লাসৰ গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । অৱশ্যে কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবেলিও অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব মহাপুৰুষগৰাকীৰ জন্ম জয়ন্তী ৷ সীমিত সংখ্যক ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷