অসম

assam

ETV Bharat / state

GMC Election 2022: ৬০ টা ৱাৰ্ডৰ ৩০ টা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত - ৬০ টা ৱাৰ্ডৰ ৩০ টা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত

আগন্তুক ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰে ৩৩ টা ৱাৰ্ড সংৰক্ষিত কৰা হৈছে । এই সংৰক্ষিত ৱাৰ্ড মহিলা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । মহিলাৰ বাবে মুঠ ৱাৰ্ডৰ ৫০ শতাংশ ৱাৰ্ড সংৰক্ষিত কৰা হৈছে(50% reservation for women seat in GMC election) ৷

gmc-50-percent-ward-reserved-for-woman
৬০ টা ৱাৰ্ডৰ ৩০ টা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত

By

Published : Mar 23, 2022, 5:09 PM IST

গুৱাহাটী, 23 মাৰ্চ :ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদমেলৰ জৰিয়তে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন নীতি, নিয়ম প্ৰকাশ কৰে (GMC Election 2022)। আয়োগে প্ৰকাশ কৰা মতে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন(GMC election 2022 date declared) । পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । আনহাতে, ভোটগণনা অনুষ্ঠিত হ’ব ২১ এপ্ৰিলত । পূৰ্বে বেলত কাগজত অনুষ্ঠিত হোৱা নিৰ্বাচন এইবাৰ অনুষ্ঠিত হ’ব ইভিএমত । বুধবাৰৰ পৰা অধিসূচনা জাৰি হোৱা এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ মাৰ্চ । আনহাতে, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ এপ্ৰিল ।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰে ৩৩ টা ৱাৰ্ড সংৰক্ষিত কৰা হৈছে । এই সংৰক্ষিত ৱাৰ্ড মহিলা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । লগতে মহিলাৰ বাবে ৫০ শতাংশ অৰ্থাৎ ৩০ টা ৱাৰ্ড সংৰক্ষিত কৰা হৈছে (50% reservation for women seat in GMC election) । মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷ ইয়াৰে ১৯ আৰু ৩২ নম্বৰ ৱাৰ্ড অনুসূচীত জাতিৰ বাবে আৰু ২৭ নং ৱাৰ্ড অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে ।

আকৌ ৬ আৰু ৯ নম্বৰ ৱাৰ্ড অনুসূচীত জাতিৰ ( মহিলা) বাবে আৰু ২৩ আৰু ৫১ নম্বৰ ৱাৰ্ড অনুসূচীত জনজাতিৰ(মহিলা)ৰ বাবে সংৰক্ষণ কৰা হৈছে আনহাতে, ৩৬, ৩০, ৪১, ৪, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০, ৪৩ নম্বৰ ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে । ইপিনে ১২, ২৪, ৪৬, ১৬, ৩, ৩৫, ২, ২১, ২০, ৪৪, ৫২, ১৫, ৮, ৫৫, ৭, ২৯, ৫, ৬০, ৩৯, ১, ১৮, ৩৮, ৪৭, ২৬, ৫০৫৯, ৪৯ নম্বৰ ৱাৰ্ড সকলোৰে বাবে মুকলি ৰখা হৈছে । নিৰ্বাচনত ৰাষ্ট্ৰীয় দলৰ ৩০ গৰাকী, আঞ্চলিক দলৰ ২৫ গৰাকী ষ্টাৰ কেম্পেনীয়াৰে( Star Campaigners) প্ৰচাৰ চলাব পাৰিব ।

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নিয়ম অনুসৰি কোনো দল বা প্ৰাৰ্থীয়ে নিশা ৯ বজাৰ পিছত প্ৰচাৰ অভিযান চলাব নোৱাৰিব । নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ নিষিদ্ধ থাকিব প্ৰচাৰ অভিযান । মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ৭৮৯ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব । আনহাতে, নিৰ্বাচন তদাৰক কৰিবৰ বাবে আয়োগে নিৰ্বাচনী বিষয়াক নিয়োগ কৰিছে। ইয়াৰ উপৰিও প্ৰতিটো ৱাৰ্ডৰ খৰছৰ খতিয়ান চাবৰ বাবে বিষয়া নিয়োগ কৰিব আয়োগে । প্ৰতিটো ভোটকেন্দ্ৰত অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ জোৱান সুৰক্ষাত নিয়োজিত হৈ থাকিব ।

লগতে পঢ়ক :১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details