একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী
গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত প্ৰকল্পৰ শুভ উদ্বোধন ৷ বহু কেইখন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোডীয়ে ৷
বৰপেটাত কংগ্ৰেছৰ উদ্যোগত কিষাণ অধিকাৰ দিৱস উদযাপন
সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছ কৰ্মী সকলে কয় যে,বিজেপি চৰকাৰে বলবৎ কৰা কৃষক বিৰোধী আইন তিনিখন কোনো কাৰণতে মানি লোৱা নহ’ব। কেন্দ্রত কংগ্ৰেছ চৰকাৰ আহিলেই কৃষক বিৰোধী আইন কেইখন বাতিল কৰিব বুলি প্ৰকাশ কৰে দলটোৱে।
বিলাসীপাৰাত চোৰাং কাঠ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
বিলাসীপাৰা সীমান্তৱৰ্তী বগৰীবাৰী আৰক্ষীয়ে চোৰাং কাঠ সৰবৰাহকাৰী মিঞাবাবুক গ্ৰেপ্তাৰ কৰে ৷ চোৰাং কাঠ ভৰ্তি বাহন সহ গ্ৰেপ্তাৰ হয় বন মাফিয়া মিঞাবাবু ৷
পানীৰ নামত বৰবিহ বিয়পাইছে কেভিন কোম্পানীয়ে
বিশুদ্ধ খোৱাপানীৰ নামত আপুনি খাইছে কি ? তেনে বিশুদ্ধ বুলি ভবা খোৱাপানীৰ বটলত ওলাইছে বিভিন্ন ধৰণৰ বেক্টেৰীয়া ৷ মহানগৰীৰ Kevin নামৰ এটা কোম্পানীৰ বটলত ওলাইছে এনে ধৰণৰ বেক্টেৰিয়াসমূহ ৷
ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ
আজি ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী। ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাতিনী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও শ্ৰদ্ধা নিবেদন কৰে। ১৯৮৪ চনৰ আজিৰ দিনটোতে আকবৰ ৰোডস্থিত তেওঁৰ চৰকাৰী বাসভৱনতে গুলীয়াই হত্যা কৰা হৈছিল ইন্দিৰা গান্ধীক ।