অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

5 PM TOP TEN NEWS
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 14, 2020, 5:08 PM IST

প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

প্ৰমোদ বড়োই বেবেৰিবাং বিটিআৰ চুক্তি কৰিলে । এই চুক্তিত বড়ো সকলৰ বিশেষকৈ এনডিএফবিৰ বাবে একো নাই বুলি মন্তব্য কৰে এনডিএফবি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ধীৰেণ বড়োৱে ৷ চিৰাঙৰ কয়লাময়লাত সোমবাৰে কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ধীৰেণ বড়োৱে ৷

বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ, থাকিব ৱাৰেন্ট অবিহনেই গ্ৰেপ্তাৰৰ ক্ষমতা

স্পেচিয়েল চিকিউৰিটী ফৰ্চ নামে ঘোষণা কৰা এই বাহিনীটোৰ হাতত অতিৰিক্ত ক্ষমতা ন্যস্ত কৰা থাকিব যাৰ দ্বাৰা বাহিনীটোৰ প্ৰতিগৰাকী জোৱানে কোনো ধৰণৰ জাননী অথবা ৱাৰেন্ট অবিহনেই অপৰাধৰ সৈতে জড়িত থকা যিকোনো লোকক তালাচী তথা গ্ৰেপ্তাৰ কৰিব পাৰিব ৷ ইতিমধ্যে ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে 1747.06 কোটি টকা আৱণ্টন দিছে আৰু এই টকাৰে বাহিনীটোৰ আঠটা বেটালিয়ন সাজু কৰি তোলা হ'ব ৷

ৰোগাক্ৰান্ত ভাস্বতীক প্ৰয়োজন আপোনাৰ সহায়ৰ

দুৰাৰোগ্য কৰ্কট ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈছে গুৱাহাটীৰ এগৰাকী কণমানি ৷ সম্প্ৰতি কণমানি জনীক চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্যৰ ৷

ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ

ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ ৷ বিগত 24 ঘন্টাত 92,071 গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 1,136 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ 9,86,598 গৰাকী সক্ৰিয় ৰোগী,79,722 মৃতকৰ লগতে আৰোগ্য লাভ কৰা 37,80,108 ক লৈ বৰ্তমানলৈ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা 48,46,428 গৰাকী ৷

বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফৰ জ্যেষ্ঠ নেতাৰ

প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফ দলৰ 8 গৰাকী নেতা ৷ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ আদৰণি ৷

টীয়কত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ

টীয়কত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উদ্যোগত টীয়ক আৰক্ষী থানাৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ বিভিন্ন ধৰণৰ দাবীৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰাণৰ প্ৰথমজন সাংবাদিকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ

সোমবাৰে মৰাণত প্ৰথমজন সংবাদকৰ্মীৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰে ৷ জ্বৰ,মূৰৰ বিষত ভুগি আছিল সাংবাদিকজন ৷

গোৱালপাৰাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া । অঞ্চলটোৰ শতাধিক কৃষি ভূমি বিলীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ সম্প্ৰতি বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া ৰাইজে । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

"70" : প্ৰধানমন্ত্ৰী মোডীৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰম্ভ হ'ল সেৱা সপ্তাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে বি জে পি দলে আৰম্ভ কৰিলে সেৱা সপ্তাহ ৷ '70' শীৰ্ষক থিম লৈ ভাৰতীয় জনতা পাৰ্টীৰ সেৱা সপ্তাহ আৰম্ভ ৷ দুখীয়া আৰু পীড়িতৰ বাবে নানান সাহাৰ্যৰে সপ্তাহযোৰা কাৰ্যসূচীৰে উদযাপন হ'ব সেৱা সপ্তাহ ৷

বিজেপিৰ 8 বিধায়ক,2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা বিশেষ সুত্ৰৰ

বিজেপিৰ 8 বিধায়ক, 2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰৰ লগতে আৰ এছ এছৰ শীৰ্ষ সুত্ৰই ৷

ABOUT THE AUTHOR

...view details