মৰাণত ৰাইজৰ শ্ৰম দানেৰে মেৰামতি পথ
স্বাধীনতাৰ আনন্দ উল্লাসক আওকাণ কৰি ৰাইজে মেৰামতি কৰিলে মৰাণ সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰাণ নিতাই সংযোগী এটা অতি ব্যস্ত পথ ৷
এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা
স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণাৰ পিচতেই নেশ্বনেল কেডেট ক'ৰে ইয়াৰ অন্তৰ্গত জিলাৰ সংখ্যা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দেওবাৰে এই সিদ্ধান্তক অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷.
98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19
ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সৈনিক চিপাহী ৰামু লক্ষ্মন সকপালে নৌ-সেনাৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি হৈছিল ৷ কোভিড-19ত আক্ৰান্ত হোৱা প্ৰাক্তন চিপাহীগৰাকীয়ে 1918ৰ স্পেনিছ ফ্লুৰ পৰা আৰম্ভ কৰি 2020ৰ কোভিড-19 মহামাৰীলৈকে নিজৰ অভিজ্ঞতা অৰ্জন কৰে আৰু মহামাৰীৰ বিৰুদ্ধে নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে ৷
কোভিডৰ নামত ৰাজনীতিঃ "গৃহবন্দী" বিৰোধী দলপতি
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োৱে চৰকাৰৰ এনে কাৰ্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কয় যে কোভিডৰ নামত এতিয়া অসমত ৰাজনীতিৰ বাহিৰে একো চলা নাই । দেহৰক্ষীজনৰ শৰীৰত কোভিড ধৰা পৰাৰ পিছত বিৰোধী দলপতি গৰাকীয়ে চৰকাৰৰ নিৰ্দেশ পালন কৰি ইতিমধ্যে নিজকে ১০ দিন নিলগাই ৰাখিছিল।
নাৰ্চৰ অৱহেলাৰ বাবেই মৃত্যু যুৱকৰ
গোলাঘাটত নাৰ্চৰ মইমতালিৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ চিকিৎসকে নিৰ্দেশ দিয়াৰ পিছতো যুৱক জনক নাৰ্চে চিকিৎসা নকৰাৰ বাবে মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালে ৷
বন বিভাগৰ বিৰুদ্ধে ক্ষোভ মাছমৰীয়াৰ
বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ দাতিকাষৰীয়া অঞ্চল সমূহত মাছমৰীয়া সকলক নৈ , বিল ব্ৰহ্মপুত্ৰ নদীত প্ৰৱেশ নিষিদ্ধ কৰা লগতে মাছ মৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে বন বিভাগে ৷ ঘটনাক বিশ্বনাথ ঘাটৰ বন বিভাগৰ কাৰ্যালয় সন্মুখত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হৈছে ৷
প্ৰাপ্য় বিচাৰি ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ
4 মাহ সম্পন্ন হোৱাৰ পাচতো ধুবুৰী জিলাৰ ভিন্ন COVID চিকিৎসালয়ত কৰ্মৰত চাফাইকৰ্মী সকলে নিজৰ প্ৰাপ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিজৰ প্ৰাপ্যৰ দাবীৰে দেওবাৰে ধুবুৰী জিলাৰ কিসমত হাসদহ আদৰ্শ চিকিৎসালয়ৰ চাফাইকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিলে ৷
অৰ্থনৈতিক অনুসন্ধান বিভাগে জব্দ কৰিলে ২৬ কিল'গ্ৰাম সোণ
শিলিগুৰিৰ পৰা দিল্লীলৈ সৰবৰাহৰ সময়তে বুজন পৰিমানৰ সোণসহ তিনিজন লোকক আটক । এক বিশেষ সূত্ৰৰ পম খেদি অৰ্থনৈতিক অনুসন্ধান বিভাগে আটকাধীন লোক তিনিজনৰ পজা জব্দ কৰিলে ২৬.২৫ কিল'গ্ৰাম সোণ । অধিক তথ্যৰ বাবে DRIৰ অনুসন্ধান অব্যাহত আছে ।
স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ
নিজৰ এক টুইটত প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিতে লিখিছে যে, ‘কালি মই মোৰ পিতৃক চাবলৈ হাস্পতাললৈ গৈছিলো ৷ ভগৱানৰ আশীৰ্বাদ আৰু আটাইৰে শুভেচ্ছাৰ ফলত সম্প্ৰতি তেখেতে চিকিৎসাৰ প্ৰতি সহাৰি জনাইছে আৰু তেখেত বৰ্তমান সুস্থ ৷ অতিশীঘ্ৰে তেখেত সুস্থ শৰীৰে আমাৰ মাজত উপস্থিত হ’ব ৷’
পুলৱামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে স্থানীয় নাগৰিকক
জম্মু কাশ্মীৰৰ পুলৱামা জিলাত এজন ৪০ বছৰীয়া স্থানীয় নাগৰিকক হত্যা। পুলৱামাৰ কংগন জিলাৰ বাসিন্দা আজাদ আহমেদ ডাৰ নামৰ লোকজনক শনিবাৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে হত্যা কৰিলে ।