অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 15, 2020, 5:03 PM IST

Updated : Aug 15, 2020, 7:26 PM IST

মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে মৰিগাঁৱত উদযাপিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰি মৰিগাঁঁও জিলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভিন্ন আঁচনিৰ লগতে, বহু ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নগাঁৱত উন্মোচন কৰ’ণা শ্বাসৰুদ্ধ সময়ৰ এক দস্তাবেজ...

নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে পত্নী আইমী বৰুৱা ৷ উক্ত অনুষ্ঠানতো সাংবাদিক মুৰুলী বৰুৱাৰ কৰ’ণা শ্বাসৰুদ্ধ সময়ৰ এক দস্তাবেজ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ।

৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

দেশৰ সীমান্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।

স্মাৰ্ট ফোনত অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালত নোসোমাব

পঞ্জাৱৰ শিক্ষামন্ত্ৰী বিজয় ইন্দৰ সিংলাই ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰা 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম' শীৰ্ষক এটা আঁচনিৰ প্ৰসংগত শুক্ৰবাৰে ক'লে, যাতে কোনো লোকেই এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে স্মাৰ্ট ফোনত অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালত নপৰে তাৰ বাবে সকলোকে সচেতন কৰি থলো ।

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট ৰাজহুৱা খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ।

নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা

স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ শ্বহীদ ভৱনত উত্তোলন কৰা জাতীয় পতাকাখন ওলোটাকৈ উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে এই ভুল ধৰা পৰাত পতাকাখন নমাই পুনৰ উত্তোলন কৰা হয় ৷

বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰাজপথত বহিল কৰ্মচাৰী

বিগত 4 বছৰে 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ থকা ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে স্বাধীনতা দিৱসৰ দিনটোতে প্ৰতিবাদত বহিল এপ'লৰ কৰ্মচাৰী সকল ৷

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত শনিবাৰে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত স্পষ্টীকৰণ দিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

শিৱসাগৰত 'কা' বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

আছুয়ে স্পষ্ট ৰূপত কয় যে, যুগান্তকাৰী অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মত্যাগ আৰু ঐতিহাসিক অসম চুক্তিক অপমান আৰু ভেঙুচালী কৰা কেতিয়াও সহ্য কৰা নহব। অসমৰ ৰাইজে নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ কেতিয়াও মানি নলয় ।

গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰত স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ নেহৰু মৈদানতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰেচম আৰু হস্ততাঁত বয়ন তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷

Last Updated : Aug 15, 2020, 7:26 PM IST

ABOUT THE AUTHOR

...view details