অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 12, 2020, 5:11 PM IST

পঞ্চভূতত বিলীন হ'ল নাৰায়ণ দেৱ গোস্বামীৰ নশ্বৰদেহ

এক আৱেগ বিহ্বল পৰিৱেশত অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় বৈষ্ণৱ পণ্ডিত তথা নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামীক ৷ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় সত্ৰাধিকাৰ গৰাকীৰ ৷ 21 জাই টোপ ধ্বনীৰে শেষ বিদায় জনালে প্ৰশাসনে ৷

সততাৰে কৰ পৰিশোধ কৰা সকলৰ সন্মানাৰ্থে মঞ্চ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

উল্লেখ্য যে. কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে বিগত বৰ্ষসমূহত প্ৰত্যক্ষ কৰত কেবাটাও মুখ্য বিষয়ত সংস্কাৰ কৰিছে ৷ যোৱা বৰ্ষত কপৰ্ৰেট টেক্সৰ দৰক 30 শতাংশৰ পৰা হ্ৰাস কৰি 22 শতাংশ কৰি দিয়া হৈছিল আৰু নতুন বিনিয়োগকাৰী সকলৰ বাবে এই দৰ আৰু অধিক হ্ৰাস কৰি 15 শতাংশ কৰা হয় ৷

কৰ'ণাৰ বাবে মন্থৰ হৈ গ'ল দুশবছৰীয়া চাহ উদ্যোগ

কৰ'ণাৰ প্ৰভাৱ পৰিছে এটা বৃহৎ উদ্যোগত, যাৰ বাবে দুশবছৰীয়া চাহ উদ্যোগটো মন্থৰ হৈ পৰিল কিছুদিনৰ বাবে ৷ কিন্তু কৰ'ণাৰ আৰু লক্ ডাউনৰ মাজতে এটা ভাল খবৰ দিলে অসমৰ চাহ উদ্যোগে ৷ কি এই ভাল খবৰ ?

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ ৷ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰে আইন ৰূপায়ন কৰাৰ দাবী সংস্থাটোৰ ৷

বিভিন্ন দাবীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

অসমৰ নাহৰটীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত পূৰ্বৰে পৰা বসবাস কৰি অহা গোৰ্খাসকলৰ বিভিন্ন সমস্যা উল্লেখ কৰি এই সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(আগছু)ই অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ।

ক’ভিড-19 ৰ ক্ৰুটিপূৰ্ণ ব্যৱস্থাপনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন আমোলা

দেশত ক’ভিড-19 মহামাৰী সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ অব্যৱস্থাপনাৰ বিৰুদ্ধে স্বতন্ত্ৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন প্ৰাক্তন আমোলাৰ ৷ অহা 14 আগষ্টত হ’ব শুনানী প্ৰক্ৰিয়া ৷

নেৰীয়ালমৰ উদ্য়োগত তেজপুৰত মাক্স-ছেনিটেইজাৰ বিতৰণ

উত্তৰ পূৰ্বাঞ্চলৰ ৰিজিয়নেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে ৰাইজক সজাগ কৰিবলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

আই নদীয়ে কালৰূপ ধাৰণ কৰিছে চিৰাং জিলাত। আই নদীৰ বানপানী আৰু গৰাখহনীয়াত নিশ্চিহ্ন প্ৰায় কেবাখনো গাঁও। চৰকাৰী ভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

বন বিভাগৰ অভিযানত বঢ়াচাপৰি অভয়াৰণ্যত আটক চোৰাং চিকাৰী

বুঢ়াচাপৰি অভয়াৰণ্যত একেটা মাহতে এটা পহুৰ লগতে এটা বনৰীয়া ম’হ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । বুঢ়াচাপৰি অভয়াৰন্যত এফালে বান , আনফালে ৮ জন বন কৰ্মীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চোৰাং চিকাৰীয়ে ।

ফলমূলৰ বিপণীত চোৰে চলালে চাফাই অভিযান

দিনকদিনে গোলাঘাটত বৃদ্ধি পাইছে চুৰিৰ ঘটনা ৷ মঙলবাৰে নগৰখনৰ মাজমজিয়াত অৱস্থিত দুখন ফলমূলৰ বিপণীত চোৰে চুৰিকাৰ্য সংঘটিত কৰি লুটি নিয়ে লক্ষাধিক মূল্যৰ সামগ্ৰীৰ লগতে নগদ ধন ৷ একেটা অঞ্চলত পূৰ্বতেও সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ ঘটনা প্ৰসংগত কোনো কাণসাৰ নাই আৰক্ষীৰ ৷

ABOUT THE AUTHOR

...view details