অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - 5 PM TOP TEN NEWS

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

5 PM TOP TEN NEWS
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Jul 30, 2020, 4:49 PM IST

অখিল গগৈক ৰাজনৈতিক বন্দী কৰি ৰখাটো উচিত হোৱা নাইঃ প্ৰফুল্ল মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সৰৱ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৷ কেন্দ্ৰত বিজেপি আৰু ৰাজ্যতো বিজেপি চৰকাৰ থকাৰ পাচতো যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰিব পৰা নাই বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি?

সমগ্ৰ দেশৰ লগতে অসমতো ত্যাগ আৰু ভাতৃত্ববোধৰ বাণীৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰে ঈদ-উজ-জোহা । কিন্তু সাম্প্ৰতিক সময়ত কৰ'ণা ভাইৰাছে ম্লান পৰিছে পূৰ্বৰ উৎসাহ-উদ্দীপনা ৷

ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

ৰাফেল বিমানৰ সৈতে জড়িত হৈ আছে এগৰাকী অসম সন্তান ৷ এয়া অসমবাসীৰ বাবে অতিশয় গৌৰৱৰ কথা ৷ বায়ুসেনাৰ ৰাফেল ইউনিটৰ 17 নং কোৱাড্ৰন গ’ল্ডেন এৰ’জৰ ল’গ’ৰ আৰ্হি প্ৰস্তুত কৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ যুৱক তথা দিল্লীস্থিত গ্ৰাফিক্স ডিজাইনাৰ সৌৰভ চৰ্ডিয়াই ৷

ভাৰত-বাংলাদেশৰ সম্বন্ধৰ ‘সোণালী অধ্যায়’ ক্ৰমান্বয়ে উন্মোচিত হ’ব ধৰিছে

বিগত মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্ব তথা ভাতৰবৰ্ষক গ্ৰাস কৰাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতপ্ৰায় ছাৰ্ক (SAARC) ফ’ৰামক পুনৰুজ্জীৱিত কৰি ক’ভিড মহামাৰীৰ বিৰুদ্ধে দক্ষিণ এছিয়াৰ এক উমৈহতীয়া প্ৰতিৰোধ গঢ়ি,দূৰ্বল হৈ পৰা ‘প্ৰতিৱেশী অগ্ৰাধিকাৰ নীতি’ক সবল কৰি তুলিব বিচাৰিছে ৷

বাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাই 65 টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপিত কৰিব পৰা নাই অইল কতৃপক্ষই ৷ বৃহস্পতিবাৰে BGR-5 ত BOP স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া কতৃপক্ষই ৷

ঈদৰ বাবে সকলো জিলালৈ গৃহ বিভাগৰ জৰুৰী বাৰ্তা

আগন্তুক ঈদৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ প্ৰেৰণ কৰিছে নিৰাপত্তাজনিত জৰুৰী বাৰ্তা ৷ ঈদৰ দিনা ঈদগাহ বা মছজিদত চাৰিজনতকৈ অধিক লোক নামাজৰ বাবে সমবেত হ'ব নোৱাৰিব ।

লাওখোৱাত খহনীয়াৰ ভয়ংকৰ ৰূপঃ উছনৰ দিশে বহু পৰিয়াল

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে নগাঁৱৰ বিভিন্ন অঞ্চলত ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে জিলাখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে সা-সম্পত্তি ৷ সম্প্ৰতি নিজ হাতে সজা আপোন ঘৰখন হেৰুওৱাৰ আতংকই খেদি ফুৰিছে লাওখোৱা, ভূৰবন্ধাৰ লগতে বৰগুলীবাসী ৰাইজক ৷

CAA বাতিলৰ দাবীৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই ৷ এই আইন বাতিল নোহোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ কৰি যাব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

বকোত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বকোৰ ভূৰ্কীবাৰীৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ উদ্ধাৰ কৰা মহিলা গৰাকীৰ বয়স প্ৰায় 40 বছৰ হ'ব বুলি জানিব পৰা গৈছে ৷

টীয়কত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল

যোৰহাটত পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ টীয়ক আঞ্চলিক ছাত্র সন্থাৰ আহ্বান মৰ্মে টীয়কৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ব্যক্তিৰ সহযোগত টীয়কৰ জগদুৱাৰত CAA বাতিলৰ দাবীত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ABOUT THE AUTHOR

...view details