গুৱাহাটী,10 এপ্ৰিলঃ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যত প্ৰথমজন কৰ’ণা আক্ৰান্তৰ মৃত্যুৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ লগতে সুৰক্ষাজনিত কাৰণত আঠগাঁও কবৰস্থান মছজিদ মহানগৰ প্ৰশাসনে 14 দিনৰ বাবে ছীল কৰা বুলি প্ৰকাশ কৰে ৷ কিয়নো এমাহ পূৰ্বে উক্ত স্থানত এক ধৰ্মালোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বৰ্তমান ৰাজ্য়ৰ তিনিগৰাকীকৈ Covid 19 ত আক্ৰান্ত লোকে ৷
ভাল খবৰঃ COVID-19 ৰ পৰা মুক্ত ৰাজ্যৰ পাঁচগৰাকী আক্ৰান্ত - কৰ’ণা ভাইৰাছ
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গুৱাহাটীস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰীৰ ৷ কৰ’ণা ভাইৰাছ সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
Covid 19 ৰ পৰা মুক্ত ৰাজ্যৰ পাঁচগৰাকী আক্ৰান্ত
ইপিনে ৰাজ্যত আক্ৰান্ত মুঠ 29 গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকীয়ে মৃত্যুবৰণ কৰাৰ বিপৰীতে 28 জন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ তদুপৰি আক্ৰান্তসকলৰ শুকুৰবাৰে পুনৰ স্বাস্থ্য পৰীক্ষা কৰাত 5 জন লোকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা যায় ৷ ইয়াৰে তিনিজন লোক গোলাঘাটৰ ৷ আন দুজন লোকৰ ভিতৰত এগৰাকী সম্প্ৰতি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আনগৰাকী লোক গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷