নিউজ ডেস্ক , 20 জুলাইঃ ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ ৷ ঠায়ে ঠায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান আৰু গড়াখহনীয়াই ৷ 24 খন জিলাত পৰিছে বানৰ ব্যাপক প্ৰভাৱ ৷ চৰকাৰী সূত্ৰ মতে, চলিত বৰ্ষৰ বান আৰু গড়াখহনীয়াই ৰাজ্যত বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে 110 জনকৈ লোকৰ ৷ কেৱল বাঢ়নী পানীত প্ৰাণ হেৰুৱাইছে 84 জন ব্যক্তিয়ে ৷
শেহতীয়াকৈ ৰাজ্যত বানৰ কৱলত প্ৰাণ হেৰুৱাইছে 5 জন ব্যক্তিয়ে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বৰপেটাৰ বাঘবৰ , বাকসাৰ বঙাপাৰা , ধুবুৰীৰ বিলাসীপাৰা , মৰিগাঁৱৰ মায়ঙ আৰু নগাঁও জিলাৰ কলিয়াবৰত শেহতীয়াকৈ মৃত্যু হৈছে এজনকৈ ব্যক্তিৰ ৷ ধেমাজি , লখিমপুৰ , বিশ্বনাথ , দৰং , বাক্সা , নলবাৰী , বৰপেটা , চিৰাং , বঙাইগাঁও , কোকৰাঝাৰ , ধুবুৰী , দক্ষিণ শালমৰা , গোৱালপাৰা , কামৰূপ , কামৰূপ মেট্ৰ , মৰিগাঁও , নগাঁও , গোলাঘাট , যোৰহাট , মাজুলী , শিৱসাগৰ , জিব্ৰুগড়, তিনিচুকীয়া আৰু কাছাৰ জিলাৰ 25 লাখ 29 হাজাৰ লোক বানত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷