নিউজ ডেস্ক, 14 আগষ্ট:এক শক্তিশালী ভূমিকম্পই আজি সন্ধিয়া জোকাৰি যায় অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য ৷ সন্ধিয়া 8.19 বজাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 5.2 ৷ গুৱাহাটী মহানগৰীৰ আৰু ৰাজ্যৰ আন আন ঠাইৰ লগতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷ অৱশ্যে বৰ্তমানলৈ ভূমিকম্পত কোনো হতাহত তথা ক্ষয়-ক্ষতি হোৱাৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ৷
Assam earthquake: উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য - Assam earthquake
সোমবাৰে সন্ধিয়া ৰাজ্যজুৰি ৰিখটাৰ স্কেলত 5.2 কম্পনাংকৰ এক ভূমিকম্পৰ অনুভূত হয় ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ ৷ অসমৰ লগতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷
![Assam earthquake: উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য earthquake hits parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-08-2023/1200-675-19266770-thumbnail-16x9-earthquike.jpg)
এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য