অসম

assam

ETV Bharat / state

Assam Police SP conference: সকলো আৰক্ষী অধীক্ষকৰ কাম-কাজৰ খতিয়ান দাখিলৰ নিৰ্দেশ গৃহ বিভাগৰ - আৰক্ষী অধীক্ষক সন্মিলন

চতুৰ্থ আৰক্ষী অধীক্ষক এইবাৰ সন্মিলন অনুষ্ঠিত হ’ব বঙাইগাঁৱত ৷ সম্প্ৰতি আৰক্ষী অধীক্ষকসকৰ পৰা ৰিপৰ্ট কাৰ্ড সংগ্ৰহ কৰিছে গৃহ বিভাগে ৷ ২৮ জুলাইত এই প্ৰতিবেদনসমূহক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিজন এছ পিকে জবাবদিহি কৰাৰ সম্ভাৱনা আছে ।

Assam Police SP conference
Assam Police SP conference

By

Published : Jul 25, 2023, 10:31 PM IST

গুৱাহাটী, 25 জুলাই: অহা ২৭ জুলাইৰ পৰা তিনিদিনীয়াকৈ বঙাইগাঁৱত চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব । এই সন্মিলনক কেন্দ্ৰ কৰি যোৱা ছমাহত অসমৰ জিলা আৰক্ষী অধীক্ষকসকলে কি কৰিলে, সেই সম্পৰ্কত গৃহ বিভাগে ৰিপৰ্ট কার্ড সংগ্ৰহ কৰিছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণৰ পাচতে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ছমাহত আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছিল । ইতিমধ্যে তিনিখন এনে সম্মিলন অনুষ্ঠিত হৈছে । দেৰগাঁৱত অনুষ্ঠিত তৃতীয়খন সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰিছিল ।

‌দিছপুৰৰ এক উচ্চ স্তৰীয় সূত্ৰই কয় যে পূৰ্বৰ সন্মিলনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষকসকলক নিৰ্দিষ্ট লক্ষ্য বান্ধি দিছিল ৷ জিলাসমূহত বকেয়া গোচৰৰ নিষ্পত্তি, মহিলাৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰা, বাল্য বিবাহ ৰোধ কৰা, ড্ৰাগছ সম্পৰ্কীয় অপৰাধ ৰোধ কৰা, চাইবাৰ অপৰাধ আদিৰ ক্ষেত্ৰত পূৰ্বৰ শোচনীয় প্ৰদর্শনকাৰী জিলাসমূহক তিনি মাহকৈ শুধৰণিৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে দিয়া হৈছিল ।

সূত্ৰটোৰ মতে, সকলো বিষয় সামৰি এছ পিসকলৰ কাম-কাজ,পাৰদৰ্শিতা সম্পৰ্কত প্ৰতিবেদন সাজু কৰা হৈছে । ২৮ জুলাইত এই প্ৰতিবেদনসমূহক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিজন এছ পিকে জবাবদিহি কৰাৰ সম্ভাৱনা আছে ।

তথ্য অনুসৰি, আৰক্ষী অধীক্ষকসকলৰ এই পাৰদৰ্শিতাৰ বিষয়টো তেওঁলোকৰ বাৰ্ষিক গোপন প্ৰতিবেদনতো উল্লেখ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে । পৰৱৰ্তী সময়ত বিষয়াসকলক গুৰুত্বপূর্ণ দায়িত্ব দিয়াৰ ক্ষেত্ৰত এয়া বিবেচনা কৰা হ’ব বুলিও গৃহ বিভাগে ইতিমধ্যে সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিৰোধীৰ গোচৰ খাৰিজ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details