অসম

assam

এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা চানী এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী

By

Published : Aug 24, 2022, 12:26 PM IST

গুৱাহাটীৰ জনপ্ৰিয় ৰেষ্টুৰেণ্টসমূহৰ ভিতৰত অন্যতম ভঙাগড়ৰ আখল ঘৰ । আখল ঘৰে সম্পূৰ্ণ কৰিলে ৪ বছৰ (4th anniversary of Aakhol Ghar)। বিশেষ মুহূৰ্তত ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী চানী বৰুৱাই ক'লে তেওঁৰ সফলতাৰ কাহিনী ।

restaurant
এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা চানী এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী

গুৱাহাটী,২৪ আগষ্ট : সময়ে সকলোৰে জীৱনত পৰিৱৰ্তন আনিব পাৰে । কোনেও নাজানে সময়ে আমাক ক'ৰ পৰা কোন দিশে লৈ যায় । আপুনি শুনি আচৰিত হ'ব এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা যুৱকজন আজিৰ তাৰিখত গুৱাহাটী মহানগৰীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ।

অষ্টম-নৱম শ্ৰেণীৰ পৰাই সুৰাপান কৰিবলৈ আৰম্ভ কৰা নষ্ট ল'ৰাজন আজি বহুতৰে আদৰ্শ । আনকি জীৱনত এনে পৰিস্থিতিও আহিছিল যে হতাশাত ভুগি শ্লিপিং টেবলেট খাই আত্মহত্যাৰো চেষ্টা কৰিছিল যুৱকজনে । সেই যুৱকজন হৈছে মহানগৰীৰ ভঙাগড়ৰ শ্ৰীমন্তপুৰৰ চানী বৰুৱা ।

২০১৮ চনত নিজ বাসগৃহৰ লগতে আখল ঘৰ নামেৰে অসমীয়া খাদ্যৰ এখন ৰেষ্টুৰেণ্ট খুলিছিল (Aakhol Ghar in Guwahati)। য'ত গ্ৰাহকক থলুৱা ব্যঞ্জনেৰেনিৰামিষ ভাত, মাছ, মুৰ্গীৰ মাংস, ছাগলী মাংস, হাঁহৰ মাংস আদিৰ খোবাদ দিবলৈ চেষ্টা কৰিছিল । আখল ঘৰৰ আৰম্ভণিৰ দিনৰ পৰাই গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিলে চানীয়ে । আখল ঘৰে চাৰি বছৰ সম্পূৰ্ণ কৰিলে (Guwahati Aakhol Ghar completes 4 years)।

এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা চানী এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী

আখল ঘৰৰ এই চাৰি বছৰীয়া যাত্ৰাত অতি আনন্দিত চানী বৰুৱা । তেওঁ জনোৱা মতে দিনৰ ১১ বজাৰ পৰা ৫ বজালৈ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা গ্ৰাহকে আখল ঘৰত খাদ্যৰ জুতি লয় । তেওঁৰ দৈনিক উপাৰ্জন হয় প্ৰায় ৫০ হাজাৰ টকা ।

চানী বৰুৱাই ইটিভি ভাৰতক জনোৱা মতে স্কুলত পঢ়ি থকা দিনৰে পৰা ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ তেওঁৰ সপোন আছিল । ২০১১-১২ চনতে আখল ঘৰ আৰম্ভ কৰিছিল যদিও তেওঁ বিফল হৈছিল । আনকি নিচাসক্ত হোৱাৰ বাবে তেওঁৰ এই লক্ষ্যত বাধা আহিছিল । প্ৰায় ৮-১০ বছৰৰ অন্তত নিচাসক্ত চানীয়ে তেওঁৰ ভুলৰ কথা উপলব্ধি কৰিলে আৰু পুনৰ ২০১৮ চনৰ ২৩ আগষ্টৰ পৰা আখল ঘৰ আৰম্ভ কৰিলে (Aakhol Ghar restaurant in Guwahati)।

পিতৃৰ পৰা ৫০ হাজাৰ টকা লৈ ব্যৱসায় আৰম্ভ কৰা চানীয়ে এতিয়া দৈনিক প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰে । তেওঁৰ আখল ঘৰত বৰ্তমান ১৮ গৰাকী কৰ্মচাৰী আছে । দৈনিক প্ৰায় ৭০০-৯০০ গ্ৰাহকৰ সমাগম ঘটে যদিও ৬০০ গ্ৰাহককহে তেওঁ খাদ্যৰ যোগান ধৰিব পাৰে । বিগত চাৰি বছৰত ৪ লাখ ৫০ হাজাৰ ভাতৰ থালি বিক্ৰী কৰা বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :মহানগৰীত সংযোজন হ’ল অত্যাধুনিক কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট

ABOUT THE AUTHOR

...view details