গুৱাহাটী, 30 মে': ৰাজ্যত আৰক্ষীৰ জিম্মাত মানুহৰ মৃত্যু হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে । শেহতীয়াভাৱে দেওবাৰে নিশা আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আশ্বিকুল ইছলামে গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাইছে ।
এই ঘটনাৰ পিছত একাংশই যোৱা সময়ছোৱাত আৰক্ষীয়ে দুৰ্ঘটনাৰ ৰূপ দি হত্যা কৰা যোৰহাটৰ কলা ল'ৰাৰ অনুৰূপ ঘটনা আশ্বিকুল ইছলামৰ লগত আৰক্ষীয়ে কৰা বুলি অভিযোগ উত্থাপন কৰিছে । আশ্বিকুল ইছলামৰ মৃত্যুত দেৱব্ৰত শইকীয়াই সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ইপিনে এ আই ডি এফৰ বিধায়ক আমিনুল ইছলামে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ জিম্মাত আশ্বিকুল ইছলামৰ মৃত্যু ৰহস্যজনক আৰু সন্দেহজনক বুলি মতপোষণ কৰিছে । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীয়ে কোৱাৰ দৰেই এয়া এক দুৰ্ঘটনা বুলি মন্তব্য কৰিছে ।আনহাতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰে দেওবাৰে নিশা সংঘটিত এই ঘটনা আৰক্ষীৰ দ্বাৰা সংঘটিত বুলি মতপোষণ কৰিছে ।
উল্লেখ্য যে ভুৱা একাউণ্টাৰ সন্দৰ্ভত অধিবক্তা আৰিফ জোৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এটা জনস্বার্থজড়িত আবেদনৰ বিচাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে । তেওঁ প্ৰকাশ কৰা মতে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ মৃত্যু সন্দৰ্ভত স্পষ্ট কোনো তথ্য দিব পৰা নাই । উল্লেখ্য যে নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে ।