গুৱাহাটী,12 জুলাই :অসমৰ শিল্প-সাংস্কৃতিক জগতৰ বহু ঘাত প্ৰতিঘাতৰ স্বাক্ষৰ বহন কৰিছে অসমৰ অন্যতম সাংস্কৃতিক মঞ্চ আৰ্টিষ্ট গীল্ডছে । ১৯৭৬ চনৰ ১১ জুলাইত জন্ম লাভ কৰিছিল আৰ্টিষ্ট গীল্ডছে ৷ প্ৰয়াত শিল্পী বেণু মিশ্ৰৰ প্ৰচেষ্টাত অসমৰ এই জাকত জিলিকা সাংস্কৃতিক অনুষ্ঠানটিয়ে জন্ম লাভ কৰিছিল ।
সুদীৰ্ঘ এটা সময় বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে বাগৰি আহি অনুষ্ঠানটিয়ে ৪৫ বছৰত ভৰি দিলেহি । শিল্প কলাৰ ক্ষেত্ৰখনত এক অন্যতম মাত্ৰা প্ৰদান কৰা গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ অৱদান সঁচাকৈ অতুলনীয় ৷ বিশেষকৈ উত্তৰ-পূৱৰ সাংস্কৃতিক ক্ষেত্ৰ খনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে গুৱাহাটী আৰ্টিষ্ট গীল্ডে ৷
গুৱাহাটী আৰ্টিষ্টছ গীল্ডত বহু শিল্পী তথা সাংস্কৃতিকৰ বহু স্মৃতি জড়িত হৈ আছে ৷ এক দীঘলীয়া সময় অতিবাহিত কৰা গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ লৈ বহু আশাবাদী শিল্প-কলাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তি ৷ নিৰবিছিন্নভাৱে সুদীৰ্ঘ সময়ধৰি শিল্প-সাংস্কৃতিক ক্ষেত্ৰখনত এক অন্যতম মাত্ৰা প্ৰদান কৰি আহিছে এই অনুষ্ঠানটোৱে ৷
শিল্প কলাৰ লগত জড়িত থকা সকলো ব্যক্তিকে এই জাতীয় অনুষ্ঠানে এক এনাজৰীৰে বান্ধি ৰাখি উত্তৰ-পূৱক অন্য এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যাক লৈ গৌৰৱান্বিত অসম ৷ উল্লেখ্য যে, আৰম্ভণিৰ পৰাই গিল্ডে দৃশ্যকলাক (visual art) ক জনমুখী কৰি তুলিবৰ বাবে আৰু শিল্পশিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অহৰহ চেষ্টা কৰি আহিছে ।
তদুপৰি গিল্ডে প্ৰতিবছৰে "চিহ্ন" নামেৰে এখন কলা-আলোচনী (art journal) প্ৰকাশ কৰি আহিছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন শিল্প- কলাৰ আলোচনী চিহ্নৰ জৰিয়তেও এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰ্টিষ্ট গীল্ডে ৷ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ এই জয় যাত্ৰাত গৌৰৱান্বিত এতিয়া প্ৰতিজন অসমীয়া ৷
৪৫ বছৰীয়া হ'ল গুৱাহাটী আৰ্টিষ্ট গীল্ড গুৱাহাটী আৰ্টিষ্টছ গীল্ডছৰ ৪৫ বছৰ উপলক্ষে দেওবাৰে সম্পূর্ণ ক’ভিড বিধি মানি চানমাৰিস্থিত গীল্ডৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ কার্যসূচী অনুষ্ঠিত কৰা হয় । সেই অনুসৰি পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে গীল্ডৰ সভাপতি আমিনুল হকে । ইফালে আৰ্টিষ্ট'ছ গীল্ড প্ৰতিষ্ঠা দিৱস উপলক্ষে কীৰ্তিকমল ভূঞা, হৰেকৃষ্ণ ডেকা, অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামী, স্বপ্নীল বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে জনোৱা শুভেচ্ছাবাণীসমূহ অনলাইনযোগে প্ৰচাৰ কৰা হয় ।
আনহাতে, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গীল্ডছৰ পৰা প্ৰকাশিত বছৰেকীয়া আলোচনী ‘চিহ্ন’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই । আলোচনীখন উন্মোচন কৰি ডাঃ বৰাই কয় - ‘চিহ্নই অসমৰ কলা জাগৰণৰ ক্ষেত্ৰত বাটকটীয়া । ৪০ বছৰ ধৰি এনে এখন আলোচনী প্ৰকাশ পাই অহাটো কলা সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অতি শুভ লক্ষণ ।
প্ৰতিজন শিল্পীয়ে কাৰিকৰী দিশক গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে কাৰিকৰী দিশটো নাজানিলে এখন ছবি সম্পূর্ণ নহয় । অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক মুনিন বায়ন । আনহাতে, অতিথি হিচাপে উপস্থিত থাকে ড৹ সোমেন ভাৰাতীয়া, নেছিম মজিদ, মৃণালকান্তি দাস, বীৰেণ সিংহকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।
ইফালে বিয়লি ৪.৩০ বজাৰ পৰা অনলাইযোগে অনুষ্ঠিত হয় ‘আৰ্লি মডার্ন আর্ট অৱ নর্থ ইষ্ট’ শীর্ষক এখন আলোচনাচক্ৰ । ভাৰতৰ খ্যাতিসম্পন্ন কলা ইতিহাসবিদ, কিউৰেটৰ অমিত মুখোপাধ্যায়ে পৰিচালনা কৰা আলোচনাচক্ৰত বক্তা হিচাপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ৰাজকুমাৰ মজিন্দাৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ড৹ মৌচুমী কন্দলী আৰু মুম্বাইৰ কলা ইতিহাসবিদ অমৃতা গুপ্তা সিঙে ।
লগতে পঢ়ক:দাৰ্জিলিঙৰ ঐতিহ্য টয় ট্ৰেইন