গুৱাহাটী, ১৭ নৱেম্বৰ : দিল্লীলৈ আৰম্ভ হৈছে অসমৰ মন্ত্ৰীৰ সোঁত ৷ অসম চৰকাৰে অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীত আয়োজন কৰিছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান (400th birth anniversary of Lachit in Delhi) । সেয়েহে উক্ত অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দিল্লীত বাহৰ পাতিছে খোদ মুখ্যমন্ত্ৰীয়ে ।
আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে এক পৰ্যালোচনা বৈঠকতো মিলিত হয় । তাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা, কেশৱ মহন্ত, অজন্তা নেওগ, উৰ্খাও গৌড়া ব্ৰহ্মকে আদি কৰি কেইবাজনো বিষয়ববীয়া (CM Himanta Biswa Sarma) । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগে ভাগে মন্ত্ৰীসকলক চমজাই দিছে নিজৰ দায়িত্ব ৷
মন্ত্ৰী অজন্তা নেওগৰ দায়িত্বত পৰিছে খাদ্য বিভাগ ৷ সেয়ে লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে গঠন কৰা খাদ্য সমিতিৰ অধ্যক্ষ তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ইতিমধ্যে প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে । বিত্ত মন্ত্ৰী নেওগে বৃহস্পতিবাৰে বিজ্ঞান ভৱনলৈ গৈ কাম-কাজৰ বুজ লয় ।
এই পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিধায়ক দিগন্ত কলিতাও মন্ত্ৰী নেওগৰ সৈতে উপস্থিত থাকে । ইয়াৰ পিছত নেওগে অসম ভৱনত খাদ্য সমিতিৰ সকলো বিষয়ববীয়াৰে সৈতে এখন বৈঠকত মিলিত হয় । আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ সৈতে দেশবাসীক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে এইবছৰ অসম চৰকাৰে নতুন দিল্লীত লাচিত দিৱসৰ আয়োজন কৰিছে (400th birth anniversary of Lachit Borphukan) ।