গুৱাহাটী, 22 মাৰ্চ: দুনীৰ্তিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ সফলতা ৷ বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই (Anti corruption brunch) ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰে চাৰি ঘোচখোৰ চৰাকাৰী বিষয়া-কৰ্মচাৰীক ৷ বিশ্বনাথ, গুৱাহাটী আৰু বাঘবৰৰ পৰা আটক কৰা হয় চাৰিওকে ৷
বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই আটক কৰে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱাৰক ৷ এগৰাকী ব্যক্তিক মাটিৰ নামজাৰি কৰি দিয়াৰ বাবাদ লগন বাছোৱাৰে দাবী কৰিছিল 8 হাজাৰ টকাৰ উৎকোচ ৷ পূৰ্বে ব্যক্তিজনৰ পৰা 5 হাজাৰ টকা আদায় কৰিছিল ঘোচখোৰ লগন বাছোৱাৰে ৷ কিন্তু পুনৰ তিনি হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই আটক কৰে খঁকুৱা লাট মণ্ডল লগন বাছোৱাৰক (Lat Mandal apprehended for accept bribe) ৷ লগন বাছোৱাৰৰ সহযোগী ৰাজেশ তাঁতী নামৰ লোকজনকো আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷
ইফালে, উৎকোচ লৈ আটক হ’ল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা ৷ এগৰাকী ব্যক্তিৰ সুৰক্ষা জমা পুঁজি (Security deposite) মোকলাই দিয়াৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই আটক কৰে ইন্দ্ৰজিৎ বৰাক ৷ এয়া আছিল দুৰ্নীতি নিবাৰক শাখাই দিনটোৰ ভিতৰত কৰা দ্বিতীয়টো আটক (Engineer arrested in Guwahati) ৷