দক্ষিণ কামৰূপ, 3 অক্টোবৰ :ৰাজ্যত শনিবাৰে নিশা অনুভূত হয় মৃদু ভূমিকম্প জোকাৰণি । নিশা 9 বাজি 6 মিনিটত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভত হয় এই জোকাৰণি । ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 4.2 ।
ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প সংঘটিত - গুৱাহাটী
ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পৰা কামৰূপ বুলি অনুমান কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভুমিকম্প সংঘটিত
এই ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পৰা কামৰূপ বুলি অনুমান কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । উল্লেখ্য যে, এই ভূমিকম্পত ক্ষয়ক্ষতিৰ খবৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷