গুৱাহাটী, 23 নৱেম্বৰ :আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি স্মৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ মহানগৰীৰ ৰাজীৱ ভৱনতো অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷
আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ 2020 চনৰ 23 নৱেম্বৰৰ দিনটোতে 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ৰাজনীতিবিদগৰাকীয়ে ৷ আজিৰ এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে স্মৰণ কৰা হয় ৰাজনীতিবিদগৰাকীক ৷
অসমৰ ৰাজনীতিত 15 টা বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাই গৈছিল তেওঁ ৷ দীৰ্ঘদিন ধৰি থকা ৰাজনৈতিক অভিজ্ঞতা থকা তৰুণ গগৈ আছিল এজন স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷