গুৱাহাটী,১৬ ডিচেম্বৰ:সফলতাৰে তিনি বছৰ সম্পুৰ্ণ হল প্ৰমোদ বড়ো চৰকাৰৰ । সেই উপলক্ষে শনিবাৰে মহানগৰীৰ হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । সংবাদমেলত বিগত তিনি বছৰত UPPL, BJP আৰু GSP ৰ বিটিআৰৰ চৰকাৰখনে কৰা কামৰ খতিয়ান দাঙি ধৰে । লগতে সংবাদমেলত প্ৰমোদ বড়োৱে কয় যে হিংসা জৰ্জৰিত বিটিআৰৰ শান্তি স্থাপনৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰি আহিছে ।
লগতে তেওঁ কয় যে, যোৱা ৩ বছৰত BTR ত কোনো হত্যা-হিংসা হোৱা নাই । চৰকাৰ গঠন হোৱাৰ পৰাই শান্তি, নিৰাপত্তা আৰু সমন্বয়ৰ উপৰত কাম কৰি আছো । বিটিআৰত এতিয়া শান্তি স্থাপন হৈ গৈছে । বৰ্তমান BTR মানুহৰ মুখত শান্তি কেতিয়া আহিব বুলি শুনা নাযায় বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান বিটিআৰবাসীক উন্নয়ন লাগে । এতিয়া মানুহৰ মুখত উন্নয়নৰ কথা হে শুনা পোৱা যায় ।
লগতে প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, এতিয়া BTR চৰকাৰে নিৰাপত্তা ক্ষেত্ৰত কাম কৰি আহিছো । ১০৬০ কি.মি. ৰাস্তা নিৰ্মাণ হৈছে এই তিনি বছৰত । BTR ৰ ৪০ টা সমষ্টিৰ সভা সমিতি পাতিবলৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম কৰি থকাৰ কথা উল্লেখ কৰে BTR প্ৰধানগৰাকীয়ে । ১ জানুৱাৰীত চিৰাঙত School of peace and happiness স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।