ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 29,921 লৈ বৃদ্ধি
শুকুৰবাৰৰ দিনটোত 1,130 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰে ইয়াকে লৈ ৰাজ্যত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা 29,921 গৰাকীলৈ বৃদ্ধি পালে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক
কাজিৰঙাৰ বোকাখাটৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী আৰু অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি,সম্পাদকক সৈতে মহন্ত মিলিত হয় এক ৰুদ্ধদ্বাৰ বৈঠকত ।
নাৱেৰে বন্যাৰ্তৰ কাষত উপস্থিত সদৌ অসম ছাত্ৰ সন্থা
ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত বাটঘৰীয়া পঞ্চায়তৰ অধীনৰ সৰু ঢেকেৰা আৰু বৰ ঢেকেৰা গাঁৱৰ এশৰো অধিক পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে ধেমাজি জিলা আছুৱে ।
দুৰ্নীতিৰ অভিযোগঃ গোলাঘাটত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ
চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্ক'লাৰশ্বিপৰ নামত অহা ধন প্ৰদানত দুৰ্নীতি হোৱাৰ অভিযোগেৰে গোলাঘাট জিলা চাহ জনজাতি ছাত্র সন্থাই শনিবাৰে সাব্যস্ত কৰিলে এক প্ৰতিবাদ ।
মাত্ৰ দুশ টকা: ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙ ছাৰৰ ফিক্স ৰেট
সহজ ভাষাত টেবুলৰ তলেৰে ডাক্তৰ ছাৰৰ পকেটলৈ আহে চাহ-পানীৰ খৰচ ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা দৰিদ্ৰ ৰোগীৰ পৰা ছাৰে সৰকাই এশ-দুশ ৷ কলাইগাঁৱৰ আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ দীৰ্ঘদিনীয়া ৷