গুৱাহাটী ১০ অক্টোবৰ:অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত মঙলবাৰে অসম গণ পৰিষদ দলৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় । সভাৰ অন্তত সাংবাদিকলৰ সৈতে হোৱা বাৰ্তালাপত অগপৰ সভাপতি অতুল বৰাই কয় যে অহা ১৪ অক্টোবৰত দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস গোলাঘাটত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব । লগতে প্ৰতিটো বিধানসভা সমষ্টিতে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস ।
তেওঁ কয় যে অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলটোক শক্তিশালী কৰা আৰু দলটোক ৰাইজৰ মাজলৈ নিয়া আদি বিষয় আলোচনা কৰা হয় । লোকসভা ভিত্তিত অগপৰ সভা অনুষ্ঠিত হৈছে । এতিয়া বিধানসভা ভিত্তিত সভা আৰম্ভ কৰা হ'ব । বুথ কমিটী গঠন কৰা কামো আৰম্ভ হৈছে হৈছে বুলি জানিবলৈ দিয়ে অগপৰ সভাপতিগৰাকীয়ে ।
তেওঁ লগতে জনায় যে সমষ্টি পুনৰ্নিধাৰণৰ পিছত লোকসভা আৰু বিধানসভা ভিত্তিত অগপৰ কমিটী গঠন কৰা হৈছে । ‘‘লোকসভাত আমাৰ প্ৰতিনিধি থাকিব । কিমানটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব ঠিক কৰা নাই ।’’ এই সন্দৰ্ভত সমীক্ষা চলায় আছে বুলি বৰাই সদৰী কৰে ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ব্যাপক সাংগঠনিক প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজলৈ সাজু হ’বলৈ সকলো দলীয় সদস্যকে আহ্বান জনায় । লগতে ৰাজ্যজুৰি তৃণমূল পৰ্যায়ৰ পৰা দলক শক্তিশালী ৰূপ দিবলৈ আহ্বান জনায় । বৰাই দলৰ সদস্যসকলে সমাগত লোকসভাৰ নিৰ্বাচনত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লগতে মিত্ৰজোটঁক সৰ্বোতোপ্ৰকাৰে সহযোগ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত কৰাৰ কৌশল স্থানীয়ভাৱে গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে ।