অসম

assam

ETV Bharat / state

AGP Foundation Day: শনিবাৰে ৩৯ বছৰীয়া হ’ব অসম গণ পৰিষদ; গোলাঘাটত প্ৰতিষ্ঠা দিৱসৰ আয়োজন - অসম গণ পৰিষদ

শনিবাৰে গোলাঘাটত আয়োজন কৰা হৈছে অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই প্ৰতিষ্ঠা দিৱস ৷

AGP Foundation Day
39th Foundation Day of AGP

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:14 PM IST

Updated : Oct 13, 2023, 8:36 PM IST

গুৱাহাটী, ১৩ অক্টোবৰ: ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আত্মপ্ৰকাশ ঘটা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ শনিবাৰে ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমৰ ৰাজনৈতিক ইতিহাসত সুদীৰ্ঘ ৩৮ বছৰীয়া পৰিক্ৰমাৰ সমাপ্তি ঘটাই শনিবাৰে ৩৯ বছৰত ভৰি দিব আঞ্চলিক দলটোৱে । জন্মস্থান গোলাঘাটত দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব ।

অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে অগপৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হ'ব । ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । প্ৰায় সংখ্যক দলীয় নেতৃত্বও উপস্থিত হৈছে গোলাঘাটত । শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব ।

কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত দলৰ পতাকা উত্তোলন কৰাৰ পাছতে ১০.১৫ বজাত শহীদ তর্পণ কৰা হ'ব। পুৱা ১০.৩০ বজাত সতীর্থ সোঁৱৰণৰ পাছতে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা । এই সভাত শ্বহীদ পৰিয়াল, জ্যেষ্ঠ দলীয় সদস্য আৰু শুভাকাংক্ষীক সম্বর্ধনা জনোৱা হ'ব । বিয়লি ৫ বজাত বন্তি প্ৰজ্বলন কৰা হ'ব । অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগ কামনা কৰিছে ।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অগপই জন্ম লাভ কৰিছিল । সেই সময়তে নতুন ৰাজনৈতিক দলটোৱে আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৬৭ খন আসন লাভ কৰি চৰকাৰ গঠন কৰে অগপ দলে ।

ইয়াৰ পিছত ১৯৯৬ চনৰ নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰে আঞ্চলিক দলটোৱে । দলীয় নেতা প্ৰফুল্ল কুমাৰ মহন্তই দুটা কার্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

উল্লেখ্য যে, ২০০৬ চনত দলটোত এটা বৃহৎ বিভাজন আহে । দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ সমৰ্থকসকলক লৈ অসম গণ পৰিষদ প্ৰগতিশীল নামেৰে আন এটা নতুন দল গঠন কৰে । কিন্তু দলটোৱে ৰাইজৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয় ।

ইয়াৰ পাছত ২০০৮ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত দুই দলৰ মিলন ঘটে আৰু অসম গণ পৰিষদ প্ৰগতিশীল ভংগ হয় । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে ১৪ খন আসনত লাভ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদ্বাৰ হয় । দুবাৰকৈ শাসনৰ গাদীত বহা আঞ্চলিক দলটোৱে বৰ্তমান ৰাষ্ট্ৰীয় দল বিজেপিৰে মিত্ৰতা কৰি চৰকাৰৰ অংশীদাৰ হৈ আছে ।

লগতে পঢ়ক:MP Pabitra Margherita slams Congress: মে'ৰ পিচত ভূপেন বৰাৰ বিদায় নিশ্চিত :পবিত্ৰ মাৰ্ঘেৰিটা

Last Updated : Oct 13, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details