অসম

assam

By

Published : Apr 12, 2023, 12:42 PM IST

ETV Bharat / state

Buffalo syndicate in Assam: ৰাজ্যত অব্যাহত পশুধনৰ চোৰাং বেহা; ৰে'লৰ দবাত উদ্ধাৰ ম'হ

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে ম'হৰ ছিণ্ডিকেট চক্ৰ (Buffalo syndicate in Assam) । ৰে'ল আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা ৰে'লযোগে পশুধনৰ সৰবৰাহ হৈ থকাৰ অভিযোগ । পুনৰ বুধবাৰে পুৱাতেই গুৱাহাটীৰ বিজিয়াৰ্ডত পাৰ্চেল দবাত উদ্ধাৰ হয় পোৱালীসহ ১৯ টাকৈ ম'হ ।

39 buffaloes rescued in train coaches in Guwahati
ৰাজ্যত অব্যাহত পশুধনৰ চোৰাং বেহা, ৰে'লৰ দবাত উদ্ধাৰ ম'হ

ৰাজ্যত অব্যাহত পশুধনৰ চোৰাং বেহা, ৰে'লৰ দবাত উদ্ধাৰ ম'হ

গুৱাহাটী,১১ এপ্ৰিল: ৰাজ্যত পুনৰ গা কৰি উঠিছে ম'হৰ ছিণ্ডিকেট চক্ৰ (Buffalo syndicate in Assam) । ৰে'ল আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা ৰে'লযোগে নিতৌ সৰবৰাহ হৈ আছে পশুধন । তিনি দিন পূৰ্বে এনে ছিণ্ডিকেট চক্ৰই উত্তৰ প্ৰদেশৰ পৰা যোৰাবাটলৈ ৰে'লযোগে ২০ টা ম'হ চালান দিয়াৰ বাবে যো-জা চলোৱাৰ সময়তে গুৱাহাটী ৰে'ল আৰক্ষীৰ জালত পৰে । ৰে'ল আৰক্ষীয়ে অবৈধভাৱে কঢ়িয়াই অনা ম'হ কেইটা জব্দ কৰে যদিও পৰৱৰ্তী সময়ত ৰহস্যজনকভাবে মোকোলাই দিয়ে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই বুধবাৰে পুনৰ গুৱাহাটীৰ বিজিয়াৰ্ডত পাৰ্চেল দবাত উদ্ধাৰ হয় পোৱালীসহ ৩৯ টাকৈ ম'হ (39 buffaloes rescued in train coaches in Guwahati) । জানিব পৰা মতে নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে'ল যোগে আনিছিল এ কে মণ্ডল এন্টাৰপ্ৰাইজ নামৰ ম'হ চালান দিয়া এখন ফাৰ্মে । এই ফাৰ্মখনৰ অন্যতম গৰাকী খুৰচিদ আলম মণ্ডল নামৰ লোক এজনৰ নেতৃত্বত বুধবাৰে পুৱাৰ ভাগত নতুন দিল্লীৰ পৰা গুৱাহাটীৰ বিজিয়াৰ্ডলৈ অৱধ আছামৰ পাৰ্চেল দবাত অনা হৈছিল ১৯ টা পোৱালী ম'হসহ সৰ্বমুঠ ৩৯ টা কৈ ম'হ (Allegations of buffalo smuggling) ।

০৮২৮৩৯ নম্বৰৰ পাৰ্চেল দবাত ৰখা ম'হ কেইটা আজি নিশাৰ ভাগত ট্ৰেইনৰ পৰা নমাই ট্ৰাক যোগে লখিমপুৰলৈ নিয়াৰ বাবে যো-জা কৰি থকাৰ সময়তে ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে । পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে পাৰ্চেল দবাত ম'হ কেইটা জব্দ কৰে যদিও ফাৰ্মখনৰ নথি পত্ৰ পৰীক্ষা কৰি সঠিক বুলি কৈ ৰহস্যজনকভাৱে মোকলাই দিয়ে ম'হ কেইটা (Buffalo smuggling in Assam) ।

লক্ষ্যনীয় কথা এই যে, প্ৰচণ্ড গৰমত পুৱাৰ ভাগৰ পৰা ৰে'লৰ বন্ধ দবাত আবদ্ধ হৈ থকাৰ ফলত পোৱালীসহ কেইবাটাও ম'হৰ অবস্থা লেবেজান হৈ পৰিছিল । পিচত দুপৰীয়াৰ ম'হ কেইটাক পাৰ্চেল দবাৰ পৰা নামোৱা হয় । অৱশ্যে বিয়লিৰ ভাগতেহে পশু চিকিৎসকে অসুস্থ ম'হ কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰে । আচৰ্যকৰ কথা এই যে, পশুকুলৰ প্ৰতি এনে চৰম নিষ্ঠুৰতা প্ৰদৰ্শন কৰাৰ পিচতো খুৰচিদ আলম মণ্ডল মালিকাধীন এ কে মণ্ডল এন্টাৰপ্ৰাইজ নামৰ ফাৰ্মখনৰ বিৰুদ্ধে ৰে'ল কৰ্তৃপক্ষ তথা পশুপালন বিভাগে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই ।

স্বাভাৱিকতে ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰশ্ন উত্থাপিত হৈছে এটা বন্ধ পাৰ্চেল দবাত ১৯ টাকৈ পোৱালী ম'হ কঢ়িয়াই অনাৰ অনুমতি প্ৰকৃততে কোনে দিলে ? ম'হ চালানৰ নামত খুৰচিদ আলম মণ্ডলে ৰে’ল কৰ্তৃপক্ষক দাখিল কৰা নথি পত্ৰসমূহ প্ৰকৃততে কিমান দূৰ সত্য। নে ম'হ চালানৰ নামত ছিণ্ডিকেট চলোৱা খুৰচিদ আলম মণ্ডলৰ সৈতে আছে ৰে'ল বিভাগৰ সংশ্লিষ্ট বিষয়াৰ গোপন বুজাবুজি । তাক লৈ এতিয়া চলিছে সৰৱ চৰ্চা ।

লগতে পঢ়ক:AAP protests in Guwahati: সুশান্ত কুমাৰ নাথক গ্ৰেপ্তাৰৰ বিৰুদ্ধে AAPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details