অসম

assam

ETV Bharat / state

৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

মঙলবাৰে সামৰণি পৰিল ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ।

By

Published : Dec 29, 2020, 9:09 PM IST

পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি
পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

গুৱাহাটী, ২৯ ডিচেম্বৰ: অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ মঙলবাৰে অন্ত পৰে ।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ১০৫টা ইভেন্টৰ খেল অনুষ্ঠিত হয় । প্ৰতিযোগিতাত ৪৬২ পইন্টেৰে চেম্পিয়ন হ'বলৈ সক্ষম হয় আয়োজক অসম এথলেটিকছ দল ।

পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

পইন্টৰ তালিকাত ক্ৰমান্বয়ে আছে ঝাৰখণ্ড-২৯৮ পইন্ট, বিহাৰ-১৩৫ পইন্ট, ত্ৰিপুৰা-৯৫ পইন্ট, মেঘালয়- ৮৪ পইন্ট, মণিপুৰ- ৮৪ পইন্ট, অৰুণাচল প্ৰদেশ-২৩ পইন্ট, ছিকিম-২৯পইন্ট, আন্দামান নিকোবৰ-৪ পইন্ট । খেলৰ অন্তত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয় ।

আজিৰ সামৰণি অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, উদ্যোক্তা সমিতিৰ অধ্যক্ষ ধৰ্মকান্ত মিলি, সম্পাদক অশোক কুমাৰ ভৰালী, অসম এথলেটিকছ সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ঋতুবৰণ শৰ্মা, অসম অলিম্পিক সন্থাৰ কোষাধক্ষ্য তপন দাসকে ধৰি বহুকেইগৰাকী প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক উপস্থিত থাকে ।

পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

উল্লেখ্য যে, ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত ৯ খন ৰাজ্যৰ ৩৫৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

অসম, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয়, ছিকিম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশ লৈছিল ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত ।

লগতে পঢ়ক:মোহনবাৰী বিমান বন্দৰত উলংঘা ক'ভিড প্ৰট'কল

ABOUT THE AUTHOR

...view details