অসম

assam

ETV Bharat / state

30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন - কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত

মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷ 53 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে।

30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন

By

Published : Oct 30, 2019, 2:10 PM IST

Updated : Oct 30, 2019, 3:09 PM IST

গুৱাহাটী, 30 অক্টোবৰঃ ইতিহাসৰ এটা কলংকিত দিন। 30 অক্টোবৰ,মহানগৰীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি 11 টা বছৰ অতিক্ৰম কৰিলে ৷ এই দিনটোতে অসমৰ বহু স্থানত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। সমগ্ৰ অসমত 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত মৃত্যু হৈছিল 81 জন নিৰীহ লোকৰ।

গণেশগুৰি বোমা বিস্ফোৰণত নিহত সকলৰ এখন তালিকা
মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷ 53 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে। 30 অক্টোবৰৰ আজি দিনটোত নিজৰ আত্মীয়ক হেৰুৱা পৰিয়ালৰ একাংশ লোকে হিয়া ধাকুৰি কান্দিলে গণেশগুৰিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷
30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন

আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,কুইন ওজা,অতুল বৰা আৰু লগতে বহু বিশিষ্ট ব্যক্তিয়ে। এই অনুষ্ঠানত মৃত ব্যক্তিসকলক সুঁৱৰি সমূহীয়া প্রার্থনা কৰা হয়। হিন্দু,মুছলিম শিখ,বৌদ্ধিষ্ট সকলোৱে মিলি মৃতকৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৃতকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে সন্ত্ৰাসবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ উদ্দেশ্যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সকলোৱে একেলগ হ'ব লাগিব।

লগতে চাওকঃ শক্তি বিভাগৰ আজৱ কাণ্ড, দিলে লক্ষাধিক টকাৰ বিল

Last Updated : Oct 30, 2019, 3:09 PM IST

ABOUT THE AUTHOR

...view details