অসম

assam

ETV Bharat / state

Shankardev Vidya Niketan Narengi: বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে নাৰেঙ্গী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা দিৱস - Annual cultural Programme

30 বছৰ সম্পূৰ্ণ হ’ল নাৰেঙ্গী শংকৰদেৱ বিদ্যা নিকেতনৰ ৷ ১৯৯২ চনৰ 22 ডিচেম্বৰত প্ৰতিষ্ঠা লাভ কৰিছিল এই শিক্ষা প্ৰতিষ্ঠানখনে ৷ প্ৰতিষ্ঠাকালৰে পৰা মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এইখন শিক্ষা প্ৰতিষ্ঠানে ৷

Shankardev Vidya Niketan Narengi
বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে নাৰেঙ্গী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা দিৱস

By

Published : Dec 22, 2022, 9:53 PM IST

বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে নাৰেঙ্গী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা দিৱস

গুৱাহাটী, 22 ডিচেম্বৰ: নাৰেঙ্গী শংকৰদেৱ বিদ্যা নিকেতনে(Shankardev Vidya Niketan Narengi) সম্পূৰ্ণ কৰিলে 30 বছৰ ৷ বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯২ চনৰ 22 ডিচেম্বৰত নাৰেঙ্গীত গঢ় লৈ উঠিছিল শংকৰদেৱ বিদ্যা নিকেতন(30 years of Shankardev Vidya Niketan Narengi ) । মাতৃভাষা মাধ্যমৰ বিদ্যালয়খনৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে বিদ্যালয়খনৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস(Establish day) আৰু বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচী(Annual cultural Programme) অনুষ্ঠিত কৰা হয় ।

কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক কেশৱ কলিতাই ৷ পতাকা উত্তোলন(Flag hosting) কৰে পৰিচালনা সমিতিৰ সভাপতি নিধন চন্দ্ৰ বৰ্মনে । পুৱা ৯ বজাত গছ পুলি ৰোপণ কৰে পৰিচালনা সমিতিৰ উপদেষ্টা সুভাষ ডেকাই ।

ইয়াৰ পিছতে শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বাৰেৰহনীয়া এক সাংস্কৃতিক শোভাযাত্ৰা(Cultural rally by students) উলিওৱা হয় । আনহাতে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত মাতৃ পূজনৰ লগতে শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা এখন হাতে লিখা আলোচনী উন্মোচন কৰা হয় । আলোচনীখন উন্মোচন কৰে বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ডাঃ মৃন্ময় কাশ্যপে ।

ইফালে পৰিচালনা সমিতিৰ উপদেষ্টা ছাঞ্চি ৰাম পায়েঙে মুকলি কৰা সাংস্কৃতিক অনুষ্ঠান দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হৈ নিশা ৮ বজাত সামৰণি পৰে । সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিহু নাচ, সত্ৰীয় নৃত্য,আধুনিক নৃত্য,একাংকিকা নাট আদি প্ৰদৰ্শনে অনুষ্ঠানটোৰ সৌস্তৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক:Assam assembly winter session : অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত হ'ল ?

ABOUT THE AUTHOR

...view details