অসম

assam

ETV Bharat / state

Flood survey in Assam: বানত ৩০ সহস্ৰাধিকৰ ভেঁটি উছন - Huge lost in natural calamity of Assam

অসমত বান-প্রাকৃতিক দুৰ্যোগত মৃত্যু ৬৫ টি শিশুৰ । চলিত বৰ্ষত বান আৰু ভূমিস্খলনত শিশুকে ধৰি ১৯২ গৰাকীয়ে হেৰুৱালে প্ৰাণ ( Massive lost in natural calamity of Assam)। তথ্য় অনুসৰি সন্ধানহীন হৈ আছে ৩৭ গৰাকী । এইবাৰৰ বানে ভাঙি নিলে ৰাজ্যৰ ১৮৭টা মথাউৰি । ১৯৩ খন দলং ভাঙি নিয়াৰ বিপৰীতে ৩,৬১১ টা পথত সৃষ্টি কৰে খহনীয়াৰ । বানত ২৬৮১টা অংগনৱাড়ী কেন্দ্ৰৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে শতাধিক শিক্ষানুষ্ঠান ধ্বংস হয় ।

g
h

By

Published : Jul 12, 2022, 6:47 PM IST

গুৱাহাটী,১২ জুলাইঃ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ১২ খন জিলাৰ প্ৰ‍ায় চাৰি লাখ লোক আছে বানৰ কবলত (Devastated flood in Assam)। এতিয়ালৈকে বানত মৃত্যু হৈছে ১৭৩ গৰাকী লোকৰ । উল্লেখ্য় যে চলিত বৰ্ষৰ বান তথা প্রাকৃতিক দুৰ্যোগত এতিয়ালৈকে ৬৫ টি শিশুৰ মৃত্যু হৈছে । বাঢ়নী পানীত সলিল সমাধি ঘটা এইসকল শিশুৰ মাজত আছে চাৰি মহীয়া নৱজাতকো । আনহাতে, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কতৃপক্ষই প্ৰকাশ কৰা মতে এইবাৰৰ বানত আনুমানিক ক্ষয়-ক্ষতিৰ পৰিমাণে ৩ হাজাৰ কোটি টকাৰো অধিক হ’ব(Huge lost in natural calamity of Assam)।

Flood Horror in Assam: বানত ৩০ সহস্ৰাধিকৰ ভেঁটি উছন

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য অনুসৰি বিগত দুমাহৰ ভিতৰতে এই অভিলেখ সংখ্যাক শিশু-কিশোৰে বানত প্ৰাণ হেৰুৱালে( According to State Disaster Management Authoritys data)। বাঢ়নী পানীত ডুব গৈ মৃত্যু হোৱা শিশুসকলৰ অধিকাংশই হৈছে কাছাৰ আৰু নগাঁও জিলাৰ । লক্ষণীয়ভাৱে চলিত বৰ্ষত বান আৰু ভূমিস্খলনত এই পর্যন্ত শিশুকে ধৰি ১৯২গৰাকীৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত বানত সলিল সমাধি ঘটা লোকৰ সংখ্যা হৈছে ১৭৩গৰাকী । আনহাতে, ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৯গৰাকী । ইফালে দুর্ভাগ্যজনকভাৱে বানে উটুৱাই নিয়া ৩৭গৰাকী লোকৰ আজিও সন্ধান পোৱা নগ’ল । ইয়াৰ ভিতৰত কাছাৰ জিলাতে সর্বাধিক আঠগৰাকী সন্ধানহীন হৈ আছে ।

Flood Horror in Assam: বানত ৩০ সহস্ৰাধিকৰ ভেঁটি উছন

তাৎপর্যপূর্ণ বিষয়টো হৈছে অসম তথা চুবুৰীয়া ৰাজ্যকেইখনত শেহতীয়াকৈ বৰষুণৰ মাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত অসমৰ নদ-নদীসমূহত হঠাতে প্রলয়ংকাৰী বানৰ সৃষ্টি হয় ৷ ৰাইজে সুৰক্ষাৰ বাবেও সময় নাপালে । বিগত ১৭ জুনত হোজাইৰ যোগীজানত নাওঁ দুৰ্ঘটনাত একেলগে তিনিটি শিশুৰ মৃত্যু হয় । আনহাতে ,পহিলা জুলাইতে বৰপেটাত দুটি শিশুৰ লগতে কাছাৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নগাঁও জিলাত মুঠ ছয়টি শিশুৱে বানত প্ৰাণ হেৰুৱায় । ইফালে শুকুৰবাৰে হাইলাকান্দিৰ জমিৰাত ভূমিস্খলনত কুৰবান আলী নামৰ এটি শিশুৱে শোৱাপাটিতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় । ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান বজালী, কাছাৰ, চিৰাং, ডিমা-হাচাও,কামৰূপ, মৰিগাঁও আৰু তামুলপুৰ জিলাৰ ১১,৭১৯ টি শিশু প্রশাসনে স্থাপন কৰা আশ্রয় শিবিৰতে আছে ।

উল্লেখ্য় যে ৰাজ্যৰ বান পৰিস্থিতি প্রায় স্বাভাবিক অৱস্থালৈ ঘূৰি আহিলেও বানপীড়িতৰ দুদৰ্শাৰ আজিও অন্ত পৰা নাই। বলিয়া বানে বিধ্বস্ত কৰি থৈ যোৱা ঘৰখনলৈ উভতি যাব পৰা নাই বহু দুৰ্ভগীয়া পৰিয়াল । ফলত আশ্রয় শিবিৰত উজাগৰী নিশা পাৰ কৰিছে হাজাৰ হাজাৰ লোকে । চৰকাৰী তথ্য মতে ৰাজ্যৰ ৩০ হাজাৰৰো অধিক লোকৰ বাসগৃহ প্ৰলয়ংকাৰী বানত উছন গৈছে । লক্ষণীয়ভাৱে এইবাৰৰ বানক দশকটোৰ ভিতৰত অন্যতম প্রলয়ংকাৰী বান হিচাপে চিহ্নিত কৰা হৈছে ।

Flood Horror in Assam: বানত ৩০ সহস্ৰাধিকৰ ভেঁটি উছন

চলিত বৰ্ষত বৰ্তমানলৈ দুটাকৈ বানে অসমৰ গাঁৱে ভূঞে ব্যাপক ক্ষয় ক্ষতি কৰিছে । চৰকাৰী প্ৰাৰম্ভিক জৰীপ অনুসৰি এইবাৰৰ বানে ৰাজ্যৰ ১৮৭টা মথাউৰি ভাগিছে । তদুপৰি ১৯৩ খন দলং ভাঙি নিয়াৰ বিপৰীতে ৩,৬১১ টা পথত খহনীয়াৰ সৃষ্টি কৰে। একেদৰে প্ৰলয়ংকাৰী বানত চৰকাৰী অনুষ্ঠান প্রতিষ্ঠানৰো আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰে । বিশেষকৈ বানে ৰাজ্যৰ ২৬৮১টা অংগনৱাড়ী কেন্দ্ৰৰ ক্ষতিসাধন কৰাৰ লগতে শতাধিক শিক্ষানুষ্ঠানো ধ্বংস কৰে ।

Flood Horror in Assam: বানত ৩০ সহস্ৰাধিকৰ ভেঁটি উছন

ইফালে স্বাস্থ্য বিভাগৰ জৰীপ অনুসৰি ৮০ খন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰ বানত বিস্তৰ ক্ষতিগ্ৰস্ত হয় । দুর্ভাগ্যজনকভাৱে এইবাৰৰ বানে শ শ হেক্টৰ কৃষিভূমি চিৰদিনলৈ ধ্বংস কৰি থৈ যায় । অর্থাৎ কৃষি পথাৰ বালিয়ে পুতি পেলোৱাত উক্ত ভূমিত কৃষিকৰ্মক লৈ মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে । অৱশ্যে কৃষক ৰাইজৰ কিমান ভূমি বালিয়ে পুতি পেলালে তাৰ জৰীপ অব্যাহত ৰাখিছে কৃষি বিভাগে ।

লগতে পঢ়ক:Public protest at Jonai: অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ জোনাইবাসী

ABOUT THE AUTHOR

...view details