অসম

assam

ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 15, 2020, 3:00 PM IST

৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

দেশৰ সীমান্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।

যোৰহাটত ৩০০ বিচনাযুক্ত অস্থায়ী COVID চিকিৎসালয় উদ্বোধন

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে স্বাধীনতা দিৱসৰ দিনটোতে যোৰহাটত ৩০০ খন বিচনাযুক্ত এখন অস্থায়ী COVID চিকিৎসালয় উদ্বোধন কৰে ৷

আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে...

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মাউৎ গাঁৱৰ এগৰাকী মুক্তিযোদ্ধা হ’ল নোমল বৰগোহাঁই ৷ ১০৭ বছৰ গৰকা এই গৰাকী স্বাধীনতা সংগ্ৰামীয়ে কঢ়িয়াই লৈ ফুৰিছে স্বাধীনতাৰ যুঁজৰ বহু কাহিনী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এটা গঁড় পোৱালি উদ্ধাৰ। বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লোকে উদ্ধাৰ কৰে মাইকী গঁড় পোৱালিটো ।

কৰ’ণাক প্ৰত্যাহ্বান জনাই ৰাজ্যজুৰি পালন স্বাধীনতা দিৱস

এফালে কৰ’ণা মহামাৰীৰ আতংক আৰু আনফালে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ কিন্তু কৰ’ণাৰ প্ৰত্যাহ্বানক নেওচি দেশবাসীয়ে পালন কৰিলে স্বাধীনতা দিৱস ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সাৰ তামুলপুৰ,কলিয়াবৰ আৰু হোজাইত অনাড়ম্বৰভাৱে পালন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমৰাত স্বাধীনতা দিৱস উদযাপন

মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰাত উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাঙ্গনত অনুস্থিত কাৰ্যসূচীত পুৱা ৯ বজাত জিলা উপায়ুক্ত গুৰুদীপ সিং পানেশ্বৰে জাতীয় পতাকা উত্তোলন কৰি গ্ৰহণ কৰিলে আৰক্ষীৰ গাৰ্ড অৱ অনাৰ ।

গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰত স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ নেহৰু মৈদানতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰেচম আৰু হস্ততাঁত বয়ন তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷

বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰাজপথত বহিল কৰ্মচাৰী

বিগত 4 বছৰে 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ থকা ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে স্বাধীনতা দিৱসৰ দিনটোতে প্ৰতিবাদত বহিল এপ'লৰ কৰ্মচাৰী সকল ৷

কৰিমগঞ্জত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কৰিমগঞ্জত সীমিত কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

নগাঁও আৰু নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী আৰু নগাঁৱতো সীমিত কাৰ্যসূচীৰে পালন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ নলবাৰীত জিলা উপাযুক্ত পুৰবী কোঁৱৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে, নগাঁৱত উত্তোলন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details