অসম

assam

ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 13, 2020, 2:57 PM IST

সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ

বুধবাৰে পাঠশালাত সপ্তদশ মৃত্যু তিথিত প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক স্মৰণ কৰিলে আৱাহন থিয়েটাৰ পৰিয়ালে ৷ আৱাহন থিয়েটাৰৰ বাকৰিত প্ৰয়াত যশস্বী ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে আৱাহন পৰিয়ালে ৷

গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ

খহনীয়াৰ কবলত পৰিছে শোণিতপুৰৰ ৰঙাপৰা অঞ্চল ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা গাভৰু নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়া আজিকোপতি অব্যাহত আছে অঞ্চলটোত ৷

নুনমাটিত আৰক্ষীৰ জালত অবৈধ সুৰা ব্যৱসায়ী

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে মহানগৰীত অবৈধ সুৰা ব্যৱসায়ীৰ দু:সাহস । বুধবাৰে নিশা মহানগৰীৰ নুনমাটিৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ বিলাতী আৰু দেশীয় সুৰা ।

জুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ষ্টুডিঅ’ৰ পৰা নিজ গৃহলৈ উভতি অহাৰ সময়তে গণেশগুৰিত শিল্পীগৰাকীৰ ওপৰত আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ আক্ৰমণকাৰী দলটো অহা বাহনখন পঞ্জীয়ন হৈ আছে শৰণীয়া নিৱাসী তথা কামৰূপ মেট্ৰ‘ৰ NSUI ৰ উপ-সভাপতি হিৰকজ্যোতি ৰাজবংশীৰ নামত ৷

বকলীয়াঘাটত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বকলীয়াঘাটত পথ দুৰ্ঘটনাত নিহত হয় এজন লোক ৷ তীব্ৰ গতিৰে অহা ট্ৰাক এখনে বাইক আৰোহী এজনক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ৰহাৰ মীন মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হৈ যায় এক মীন সম্পৰ্কীয় কৰ্মশালা ৷ আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে আয়োজিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

"বয়কট ছড়ক-2" ট্ৰেণ্ড, ডিচলাইকৰ জৰিয়তে ঘৃণাৰ ৰেকৰ্ড !

দৰ্শকে বৃহৎ হাৰত ডিচলাইক কৰিছে মহেশ ভাটৰ দ্বাৰা নিৰ্দেশিত ছবি ছড়ক-2ৰ ট্ৰেইলাৰ ৷ বৰ্তমানলৈকে 5 মিলিয়নতকৈ অধিক লোকে ট্ৰেইলাৰটো ডিচলাইক কৰি সবাতোকৈ অধিক ডিচলাইক পোৱা ট্ৰেইলাৰ হিচাপে ৰেকৰ্ড গঢ়ি তুলিছে ৷

বকোৰ কালাতলী বজাৰত অগ্নিকাণ্ডত জাহ গ'ল 5 খনকৈ দোকান

বকোৰ কালাতলী বজাৰত নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ যায় পাঁচখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ উপৰিও বহু লক্ষাধিক টকা সা-সম্পত্তি ৷

শিৱসাগৰ পৌৰ সভাৰ ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্ত নাকচ কৰিলে ৰাজ্যপালে

পৌৰপতি মৃদুস্মিতা সিনহা আৰু মুষ্টিমেয় ৱাৰ্ড কমিছনাৰে সকলো ৱাৰ্ড কমিছনাৰৰ সমৰ্থন থকাৰ ভুৱা তথ্যৰে ৱাৰ্ডৰ সংখ্যা ১৯ টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সম্প্ৰতি ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্তক নাকচ কৰি পূৰ্বৰ ১৪ টা ৱাৰ্ড বাহাল ৰখাৰ আদেশ জাৰি কৰিছে ৰাজ্যপালে ৷

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ভাদমহীয়া পাল নামৰ আয়োজন

পুনৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত অনুষ্ঠিত হ'ব পালনাম ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ হোৱা বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে ।

ABOUT THE AUTHOR

...view details