অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা খবৰ - শীৰ্ষ দহটা

3 বজাৰ শীৰ্ষ দহটা খবৰ

3 PM TOP TEN NEWS
3 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Jul 24, 2020, 3:07 PM IST

কৰ'ণা মুক্ত বিশ্বৰ প্ৰাৰ্থনাৰে ভাৰতৰ ভিন্ন তীৰ্থস্থানলৈ পদযাত্ৰা ৭০ বছৰীয়া বৃদ্ধৰ

বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণাৰ প্ৰকোপৰ পৰা মুক্তিৰ বাবেই পঞ্জাৱৰ এজন ৭০ বছৰীয়া বৃদ্ধই আৰম্ভ কৰিছে তীৰ্থযাত্ৰা । বিশ্বৰ পৰা মহামাৰী কৰ'ণা নাশ কৰিবলৈ হৰমিন্দৰ সিং নামৰ বৃদ্ধ গৰাকীয়ে দেশৰ ভিন্ন প্ৰান্তৰ তীৰ্থস্থান সমূহলৈ পদযাত্ৰা আৰম্ভ কৰে ।

শূণ্য সহনশীলতাঃ দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি জ্যেষ্ঠ বিজেপি নেতাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এইবাৰ দলৰে এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়কে কোটি টকীয়া দুৰ্নীতিৰ চি আই ডি বা ভিজিলেঞ্চৰ তদন্ত বিচাৰি চিঠি প্ৰেৰণ কৰিছে ৷ যিখন গোপন চিঠিৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ ওচৰত ৷ সোণোৱাল চৰকাৰে শাসনত বহিয়েই ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত কোটি কোটি টকাৰ কেলেংকাৰী হোৱাৰ তথ্য উদঘাটন কৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিছিল । কিন্তু আমোদজনক কথাটো হ'ল যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালতো সংঘটিত হৈছে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বহু দুৰ্নীতি ৷

অসমৰ বাবে ৰে’ড ক্ৰছ সাহাৰ্য সামগ্ৰী মুকলি ৰাষ্ট্ৰপতি কোবিন্দৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত আৰু ক’ভিড 19ত আক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে ৰে’ড ক্ৰছ সাহাৰ্য সামগ্ৰী মুকলি কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা ৰেড ক্ৰছ ছ'চাইটিৰ অধ্যক্ষ ডা৹ হৰ্ষবদ্ধনো অনুষ্ঠানত উপস্থিত থাকে ৷

সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক

শুকুৰবাৰে বিটিচি শিক্ষা বিভাগৰ সঞ্চালক কবিৰ আহমেদে বিষয়া লক্ষণ চন্দ্ৰ দাসক বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) পদৰ পৰা অব্যাহতি দিয়াৰ বাবে জাননী জাৰি কৰে ৷

টকা নিদিয়াৰ বাবে প্ৰসূতি পায়েল খুলি নিলে নাৰ্চে

টকা নিদিলে চিকিৎসা প্ৰদান নকৰা এটা চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম নাৰ্ছ জমিলা খাতুন ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হাজীপাৰা উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত নাৰ্ছ গৰাকী ৷ টকা নহ'লে কোনো প্ৰসূতিৰ সন্তান প্ৰসৱ নকৰে নাৰ্ছ গৰাকীয়ে ৷ সন্তান প্ৰসৱৰ নামত জমিলা খাতুনক আদায় দিবলগীয়া হয় ৩ ৰ পৰা 5 হাজাৰ পৰ্যন্ত টকা ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

শুকুৰবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে শচীন পাইলটৰ পক্ষই দাখিল কৰা আবেদনত স্থগিতাদেশৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ অযোগ্যতাৰ বাবে পাইলট আৰু 18 জন বিধায়কক জাৰি কৰা জাননী সম্পৰ্কত আবেদন দাখিল কৰিছিল পাইলট পক্ষই ৷ ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে পাইলট আৰু তেওঁৰ সমৰ্থকৰ বাবে কেন্দ্ৰীয় চৰকাৰকো উত্তৰদায়ী হিচাপে গ্ৰহণ কৰে ৷ এই সম্পৰ্কত বিধানসভাৰ অধ্যক্ষ চি.পি. যোশীয়ে কয়, "উচ্চ ন্যায়ালয়ে শচীন পাইলট আৰু তেওঁৰ সমৰ্থক বিধায়কসকলৰ বাবে অযোগ্যতাৰ জাননীৰ বিৰুদ্ধে আবেদনত কেন্দ্ৰীয় চৰকাৰকো উত্তৰদায়ী হিচাপে ঘোষণা কৰিছে ৷

বিশ্বত 1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

বিশ্বত কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ 1,56,40,155 তকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰিলে ৷ আনহাতে 6,35,602 তকৈয়ো অধিক লোকে বৰ্তমানলৈ মৃত্যুক সাৱটি লৈছে সমগ্ৰ বিশ্বতে ৷ অৱশ্যে 95,28,714 তকৈয়ো অধিক লোকে ইতিমধ্যে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

বান বিভীষিকা : ৰাজ্যত বানে প্ৰাণ ল'লে 93 গৰাকীৰ

ৰাজ্যত আজিও অপৰিৰ্বতি হৈ আছে বান পৰিস্থিতি ৷ ধেমাজী ,লখিমপুৰ,শোণিতপুৰ , বিশ্বনাথ, দৰঙ, বাক্সা, নলবাৰী, বৰপেটা, চিৰাঙ, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ , মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মজুলী, শিৱসাগৰ , তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং , আৰু কাছাৰ এই 26 খন জিলা এতিয়া বানৰ কবলত আছে ৷ ইয়াৰ লগতে 74 ৰাজহ চক্ৰ এলেকাৰ 2,634 খন গাঁও বানত প্ৰভাবিত হৈছে ৷ আনহাতে ব্ৰহ্মপুত্ৰ নদী যোৰহাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত বিপদ সীমাৰ ওপৰে বৈ আছে ৷

আফগানিস্তানত প্ৰতিৰক্ষা বাহিনীৰে গুলীয়াগুলিত 28 তালিবান নিহত

আফগানিস্তানৰ জাবুল অঞ্চলৰ আৰ্ঘানদাব, শ্বিংকজাই আৰু শ্বাহ জয় জিলাত প্ৰতিৰক্ষা বাহিনীৰ সৈতে তালিবানী সেনাৰ তীব্ৰ গুলীবৰ্ষণ হয় ৷ ইয়াৰ ফলত 24 তালিবানী সৈন্যই প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে 27 জন ৷

কৰ'ণাত আক্ৰান্তৰ খবৰ শুনি মৃত্যু ঘটিল অট' চালকৰ

কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ ভৱানী চহৰত কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাচতেই মৃত্যুক সাৱতি লয় এজন অট' চালকে ৷ অশোক নামৰ অট' চালকজনৰ জোঁৱায়েক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচত 8 জুলাইত অশোকৰ লগতে পৰিয়ালৰ লোকে কৰ'ণাৰ পৰীক্ষণ কৰে ৷

লগতে পঢ়ক : দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

ABOUT THE AUTHOR

...view details