অসম

assam

By

Published : Jan 7, 2020, 9:00 AM IST

ETV Bharat / state

ৰাজ্যত ৩ লাখ ১২ হাজাৰ ভূৱা শিক্ষাৰ্থী চিনাক্ত

বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এইসকল ভূৱা শিশু শিক্ষাৰ্থীৰ নামত বিনামূলীয়া পাঠ্যপুথি , ইউনিফৰ্ম আদি বিতৰণ কৰা দেখুওৱা হৈ আহিছিল কাগজে কলমে ।

3 LAKH FAKE STUDENT
ৰাজ্যত ৩ লাখ ১২ হাজাৰ ভূৱা শিক্ষাৰ্থী চিনাক্ত

গুৱাহাটী, ৬ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ চিনাক্ত কৰিছে চৰকাৰী বিদ্যালয়সমূহত পঞ্জীয়নভুক্ত প্ৰায় ৩ লাখ ১২ হাজাৰ ভুৱা শিশু ছাত্ৰ - ছাত্ৰী । বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এইসকল ভুৱা শিশু শিক্ষাৰ্থীৰ নামত বিনামূলীয়া পাঠ্যপুথি , ইউনিফৰ্ম আদি বিতৰণ কৰা দেখুওৱা হৈ আহিছিল কাগজে কলমে । এইসকল ভুৱা শিক্ষাৰ্থীৰ নামত সংঘটিত কৰা হৈছিল শ শ কোটি টকাৰ কেলেংকাৰী । সোমবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষা বিভাগৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । সেই বৈঠকতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য । এই বিয়াগোম কেলেংকাৰীৰ এক তদন্তৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

ABOUT THE AUTHOR

...view details