গুৱাহাটী, ৩০ মাৰ্চ : অসমৰ ক্ৰীড়া প্ৰেমী সকলৰ বাবে সু-খবৰ । কৰ্ণাটকৰ বেংগালুৰু চহৰত বিগত ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা ‘‘2nd pro-Am National Muay Thai Championship’’ ৰ ‘‘Golden Mongkhon’’ শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা (2nd Pro Am National Muay Thai Championship held at Bengaluru) ৷ এই প্ৰতিযোগিতাতত অংশগ্ৰহণ কৰে অসমৰ ৫ গৰাকী খেলুৱৈয়ে ৷
অসমৰ ৫ গৰাকী খেলুৱৈৰ ভিতৰত ‘‘Golden Mongkhon’’ শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩ গৰাকী প্ৰতিভাৱান খেলুৱৈ সফলতা অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ ‘‘DOJANG MMA and FITNESS’’ পৰা যোৱা অসমৰ ৫ জনীয়া দলটোৰ পৰা হৃদিক দৈমাৰীয়ে ৭৬ কেজি শাখাত সোণৰ পদক, লক্ষ্মী দাসে ৫৬ কেজি শাখাত সোণৰ পদক আৰু চানামালী বড়োৱে ৫৩ কেজি শাখাত ৰূপৰ পদক বুটলিবলৈ সক্ষম হয় ।